ETV Bharat / state

ৰাজ্যজুৰি পোহৰৰ উৎসৱ দীপান্বিতাৰ উৎসাহ-উদ্দীপনা

সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলীৰ উদযাপনৰ ব্যাপক আয়োজন ৷ দীপাৱলীৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে কালীপূজাৰ পূৰ্ণ প্ৰস্তুতি ৷

পোহৰৰ উৎসৱক আদৰণি ৰাজ্যজুৰি
author img

By

Published : Oct 27, 2019, 7:45 PM IST

Updated : Oct 27, 2019, 9:01 PM IST

নিউজ ডেস্ক, 27 অক্টোবৰঃ সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলীৰ উদযাপনৰ ব্যাপক আয়োজন ৷ আনহাতে দীপাৱলীৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে কালীপূজাৰ পূৰ্ণ প্ৰস্তুতি ৷ ধুবুৰীত দীপাৱলী আৰু কালীপূজাৰ ব্যাপক আয়োজন ৷ দীপাৱলী উপলক্ষে বজাৰতো দেখা গৈছে ব্যাপক ভিৰ ৷ ধুবুৰীৰ "আমৰা কজন" ক্লাৱে সাতদিনীয়াকৈ আয়োজন কৰিছে কালীপূজা ৷ পৰিৱেশ সংৰক্ষণ আৰু পানী সংৰক্ষণৰ আৰ্হি হিচাপে লৈ বিশেষ উদ্যানৰ মণ্ডপ নিৰ্মাণ কৰি এক সজাগতামূলক ইতিবাচক বাৰ্তা ৰাইজৰ মাজলৈ দিয়াৰ প্ৰয়াস কৰিছে ৷

পোহৰৰ উৎসৱক আদৰণি ৰাজ্যজুৰি

ইফালে বৰপেটাতো দীপাৱলীৰ লগতে আয়োজনৰ প্ৰস্তুতি চলাইছে কালীপূজাৰো ৷ বৰপেটাৰ সৰুক্ষেত্ৰীৰ গহিয়াত এইবাৰ 61 সংখ্যক কালীপূজাৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যক্ৰমণিকাৰ আয়োজন কৰা দেখা গৈছে ৷

অন্যহাতে কলিয়াবৰতো এক ব্যতিক্ৰমী প্ৰয়াসেৰে দীপাৱলী আয়োজিত কৰাৰ যোজা চলাইছে ৷ কলিয়াবৰৰ সত্যদ্বীপা ফাউণ্ডেচনে কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত এখন চিত্ৰাংকন প্ৰতিযোগিতা আৰু সেউজ দীপাৱলীৰ আয়োজনেৰে এক সজাগতামুলক কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ সত্যদ্বীপা ফাউণ্ডেচনৰ উদীয়মান চিত্ৰ আৰু ভাস্কৰ্য শিল্পী ৰুদ্ৰ অংকুৰ হাজৰিকাই সুৰক্ষিত আৰু সেউজ দীপাৱলীৰ প্ৰয়োজনীয়তা আৰু এখন প্ৰদুষণমুক্ত সেউজ পৃথিৱী গঢ় দিয়াৰ উদ্দেশ্য দাঙি ধৰে ৷

পোহৰৰ উৎসৱক আদৰণি ৰাজ্যজুৰি

আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ দেৱালী উদযাপনৰ এক অনবদ্য পদক্ষেপ ৷ তেওঁ গুৱাহাটীৰ বিভিন্ন ঠাইৰ বৃদ্ধাশ্ৰম, অনাথ আশ্ৰমৰ পৰা আৰম্ভ কৰি নিচামুক্ত কেন্দ্ৰলৈ গৈ মিঠাই, চাকি আৰু কম প্ৰাৱল্যৰ ফটকা বিতৰণ কৰি এক অনন্য প্ৰয়াসেৰে আয়োজন কৰিছে দেৱালীৰ ৷ আৰক্ষী আয়ুক্ত গৰাকীয়ে সমগ্ৰ অসমবাসীক দেৱালীৰ শুভেচ্ছা জনায় আৰু প্ৰশাসনে দিয়া নিয়মাৱলীৰ ভিতৰত দেৱালীৰ আনন্দ ল’বলৈ অনুৰোধ কৰে ৷

আনহাতে মৰিগাঁৱত দীপাৱলী উপলক্ষে মানৱতাৰ অনন্য নিদৰ্শন ৷ যেন ফলিয়াই গ’ল ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত ফাঁকি "মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে অকনি সহানুভুতিৰে ভাবিব কোনেনো কোৱা সমনীয়া" ৷ মৰিগাঁও চহৰৰ অনন্য নামৰ এক স্বেচ্ছাসেৱী সংস্থাৰ কেইজনমান মানৱদৰদী লোকে চহৰখনৰ পদপথত বসবাস কৰা তথা মানসিকভাৱে দুৰ্বল লোকসকলক খাদ্য, বস্ত্ৰ তথা ফল-মূলৰ বিতৰণেৰে কিছু ভাৱবিনিময় কৰি সেইসকলৰ মূখত হাঁহি বিৰিঙাই তোলাৰ প্ৰয়াস কৰে ৷ মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ হিমাংশু শৰ্মা, ডঃ শাৰদশ্ৰী চৌধুৰী শৰ্মা, সমাজ সেৱক তথা মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আশোক ডেকা, শিক্ষয়িত্ৰী তথা কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ গণমাধ্যম বিভাগৰ ফেকাল্টি দেৱযানী মহন্ত আৰু গাণণিক বিষয়া কবিতা বৰদলৈ এই প্ৰশংসনীয় পদক্ষেপ ৷ এই পদক্ষেপে দীপাৱলীৰ পোহৰেৰে আলোকিত কৰি তুলিছে সেইসকলক ৷

পোহৰৰ উৎসৱক আদৰণি ৰাজ্যজুৰি

আৰু পঢ়কঃ আতংক নহয়, দীপাৱলী হওক কেৱল পোহৰৰ উৎসৱ !

Intro:ধুবুৰীত দিপাৱলী আৰু কালীপূজাৰ ব্যপক আয়োজন। এফালে যদি দিপাৱলীৰ আয়োজন আনফালে চলিছে কালীপূজাৰ আয়োজন। ইপিনে দিপাৱলীৰ বজাৰত এযোৰ কলগছৰ মূল্য দুশৰ পৰা তিনিশ টকালৈ। আনহাতে উদ্যানৰ আৰ্হিৰ এক মণ্ডপত চলিছে কালীপূজাৰ আয়োজন।

Body:

আজি পোহৰৰ উৎসৱ দিপাৱলী। দিপাৱলী লৈ ধুবুৰীত ব্যস্ত সকলো। সকলোৱে ঘৰ আৰু দোকানৰ সন্মুখত কলগছ পুতি মাটিৰ চাকি জ্বলোৱাৰ বাবে চলিছে প্ৰস্তুতি। পিছে দিপাৱলীৰ এযোৰ কলগছৰ মূল্য কিমান জানেনে। ধুবুৰীৰ দিপাৱলীৰ বজাৰত এযোৰ কলগছৰ মূল্য হৈছে দুশৰ পৰা তিনিশ টকালৈ। বিভিন্ন গাঁও অঞ্চলৰ পৰা এই সকল লোকে কলগছ চহৰলৈ আনি বিক্ৰী কৰি একো একোজনে উপাৰ্জন কৰিছে দুই হাজাৰৰ পৰা তিনি হাজাৰ টকালৈ। হাঁহি বিৰিঙিছে কলগছ বিক্রেতা সকলৰ মুখত।

Byte:- কলগছ বিক্রেতা আৰু ক্রেতা

ইপিনে আজি দিপাৱলীৰ সমান্তৰাল কৈ চলিছে কালীপূজাৰ পূৰ্ণ প্ৰস্তুতি। কালীপূজা উপলক্ষে সাত দিনীয়া এক কাৰ্য্যসূচী গ্ৰহণ কৰিছে ধুবুৰীৰ "আমৰা কজন" ক্লাৱে। গছ থাকিলেহে মানুহ জীয়াই থকা সম্ভৱ আৰু পানী সংৰক্ষণৰ এক সজাগতামূলক বিশেষ উদ্যানৰ মণ্ডপ নিৰ্মাণ কৰি আয়োজন কৰা হৈছে কালীপূজাৰ। প্ৰতিবাৰেই আমৰা কজন ক্লাৱৰ ফালৰ পৰা এনে ব্যতিক্ৰমী মণ্ডপ নির্মাণ কৰি ৰাইজৰ মাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰি অহা দেখা গৈছে। একেদৰে এইবেলিও দুই লাখ টকাৰ বাজেট লৈ গছ থাকিলেই মানুহ জীয়াই থকা সম্ভৱ আৰু পানী সংৰক্ষণৰ এক ইতিবাচক বাৰ্তা ৰাইজৰ মাজলৈ দিয়াৰ বাবে এই উদ্যান নিৰ্মাণ কৰি তোলা হৈছে। যিখন উদ্যানত জীৱ জন্তুৰ উপৰি সুস্থ আৰু সেউজীয়া পৰিৱেশৰ মাজত চাং ঘৰ নিৰ্মাণ কৰা হৈছে। মুঠৰ ওপৰত ধুবুৰীত এইখন এখন মিনি কাজিৰঙা বুলি চৰ্চা লাভ কৰিছে। ইপিনে কালীপূজা উপলক্ষে মহিলা সকলে থলুৱা খাদ্য সম্ভাৰেৰে ভোগ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে।

Byte:- উদ্যোক্তা সকল।

Conclusion:মুঠৰ ওপৰত ধুবুৰীত এফালে দিপাৱলী আনফালে কালীপূজাৰ ব্যপক আয়োজন চলিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Oct 27, 2019, 9:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.