ETV Bharat / state

মায়ং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ - কনিষ্ঠ অভিযন্তা মজনুৰ

মৰিগাঁৱৰ মায়ং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা মজনুৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। নিৰ্মাণৰ পিছতে ফাট মেলিলে ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সভাগৃহৰ দেৱাল। সভাগৃহ নিৰ্মাণৰ নামত আবণ্টিত ধন অভিযন্তাগৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ।

মায়ং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

author img

By

Published : Nov 7, 2020, 9:42 PM IST

মৰিগাঁও, ৭ নৱেম্বৰ: দিছপুৰত শাসনৰ গাদী শুৱনি কৰি থকা বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্ল'গান দি থকাৰ সময়তে চৰকাৰৰ একাংশ বিষয়াৰ কৰ্মই উদঙাইছে চৰকাৰৰ তথাকথিত কঠোৰ নীতিবোৰৰ প্ৰকৃত স্বৰূপ । মৰিগাঁৱৰ মায়ং উন্নয়ন খণ্ডত কনিষ্ঠ অভিযন্তা মজনুৰ হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে সভাগৃহ নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ অভিযোগ।

মায়ং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ
মায়ং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

ৰাজনৈতিক নেতাৰ আশীৰ্বাদপুষ্ট কনিষ্ঠ অভিযন্তা মজনুৰে মায়ং গাঁও পঞ্চায়তত সচিব হৈ থকাৰ সুবাদতে মায়ং উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ আঞ্চলিক পঞ্চায়তৰ সভাগৃহটো নিৰ্মাণৰ কাম হাতত লৈছিল। ২০১২-১৩ বৰ্ষত ৪০ লাখ টকা ব্যয় সাপেক্ষে সভাগৃহটো নিৰ্মাণ কৰা হৈছিল। নিম্মমানৰ সামগ্ৰীৰে সভাগৃহটো নিৰ্মাণ কৰাৰ পৰিণতি কেইদিনমান পিছতে দেখিবলৈ পোৱা গৈছিল। নিৰ্মাণৰ পিছতে ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা সভাগৃহৰ দেৱালত ফাট মেলে।

পুনৰ গৃহটো মেৰামতি কৰিবলৈ ৩২ লাখ টকা এক আঁচনিযোগে অনুমোদন কৰি পুনৰ লাখ লাখ টকাৰ আত্মসাতৰ পৰিকল্পনা কৰে যদিও গৃহটোৰ দেৱালত ফাট মেলে। এতিয়া সভাগৃহটোত প্ৰৱেশ কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছে। কিয়নো, দেৱালত বৃহৎ ফাট মেলাৰ বাবে দেৱাল খহি ভয়াৱহ অঘটন সংঘটিত হোৱাৰ আশংকা আছে। উপায়হীন হৈ স্থানীয় ৰাইজে মজনুৰ হুছেইনৰ বিৰুদ্ধে মৰিগাঁও জিলা উপায়ুক্তক অভিযোগ দাখিল কৰে। দুৰ্নীতিগ্ৰস্ত কনিষ্ঠ অভিযন্তাগৰাকীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা সেয়া লক্ষণীয় হ'ব।

লগতে পঢ়ক:উন্নয়নৰ দাবীৰে মাৰ্ঘেৰিটাত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.