মৰিগাঁও, 6 ডিচেম্বৰঃ মৰিগাঁৱত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ডঃ বি আৰ আম্বেদকাৰৰ মৃত্যু তিথি । অনুসূচীত জাতি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলা সমিতিৰ সহযোগত পালন কৰে ডঃ বি.আৰ.আম্বেদকাৰ মৃত্যু তিথি ।

মৰিগাঁও প্ৰেছ ক্লাৱত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুসূচীত জাতি কেন্দ্ৰীয় সমিতিৰ সদস্য সকলে আম্বেদকাৰ মৃত্যু তিথি পালন কৰে। আম্বেদকাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি এখন সভাও অনুস্থিত হয় ৷ উক্ত সভাখনত বিশিষ্ট সাহিত্যিক সুতৰাম দাস দেৱক 'কুলমণি বটা' প্ৰদান কৰে অনুসূচীত জাতি কেন্দ্ৰীয় সমিতিৰ সদস্য সকলে । এই অনুস্থানত অসমৰ বিভিন্ন জিলাৰ পৰা অহা বহু প্ৰতিনিধি উপস্থিত থাকে ।
লগতে পঢ়ক-বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন