মৰিগাঁও, ১২ নৱেম্বৰ: সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু শিশু সাৰথিৰ সহযোগত মৰিগাঁৱত আয়োজন কৰা হৈছে সজাগতামূলক কাৰ্যসূচী। পবিতৰাহাট প্ৰেক্ষাগৃহত দিব্যাংগ ব্য়ক্তিৰ অধিকাৰ আইন ২০১৬ৰ অধীনত আয়োজন কৰা এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত লীনা দাসে।
![মৰিগাঁৱত দিব্যাংগ শিশুৰ অধিকাৰ শীৰ্ষক সজাগতা সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-12nov-awareness-rtu-805-vis-img-bt-as10005_12112020123844_1211f_00784_1072.jpg)
সজাগতামূলক কাৰ্যসূচীৰ পৰিচালনা কৰে জিলা সমাজ কল্যাণ বিষয়া দেবজিত বৰাই। দিব্যাংগ শিশুসকলৰ মানসিক বিকাশ সাধনৰ বাবে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ে অভিভাৱকসকলক অৱগত কৰোৱা হয়।
![মৰিগাঁৱত দিব্যাংগ শিশুৰ অধিকাৰ শীৰ্ষক সজাগতা সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-12nov-awareness-rtu-805-vis-img-bt-as10005_12112020123844_1211f_00784_55.jpg)
অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত লীনা দাসে কয় যে, এই আইনৰ বিষয়ে সমাজৰ বহু হিতাধিকাৰী তথা অভিভাৱক অৱগত নহয়। সেয়ে, এনে সজাগতামূলক শিবিৰে সকলো লোকক উপকৃত কৰিব। আনহাতে, শিশু সাৰথিৰ বিষয়ববীয়াসকলে চৰকাৰে প্ৰদান কৰা সা-সুবিধাসমূহৰ বিষদ ব্যাখ্যা আগবঢ়ায়।
![মৰিগাঁৱত দিব্যাংগ শিশুৰ অধিকাৰ শীৰ্ষক সজাগতা সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-12nov-awareness-rtu-805-vis-img-bt-as10005_12112020123844_1211f_00784_17.jpg)
এই শিবিৰত অংশ লয় ভূৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সন্তোষ পাটিৰ, জনসংযোগ বিষয়া সুনীনি নাৰ্জাৰী প্ৰমুখ্যে বহুকেইজন শীৰ্ষ বিষয়াই।