ETV Bharat / state

মৰিগাঁৱত যাত্ৰীবাহী বিলাসী বাছৰ পৰা জব্দ অবৈধ মাৰণাস্ত্ৰ

author img

By

Published : Mar 11, 2021, 7:04 AM IST

মৰিগাঁও আৰক্ষীৰ আন এক সফল অভিযান ৷ নিৰ্বাচনৰ পূৰ্বে মৰিগাঁও আৰক্ষীয়ে জব্দ কৰে অবৈধ মাৰণাস্ত্ৰ ৷ যাত্ৰীবাহী বিলাসী বাছৰ পৰা জব্দ এটা .2mm আৰু 9mm পিষ্টল,8জাঁই সজীৱ গুলী আৰু এটা মেগজিন ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত মৰিগাঁও আৰক্ষীৰ ৷

arms-recovery-at-marigaon
মৰিগাঁৱত যাত্ৰীবাহী বিলাসী বাছৰ পৰা জব্দ অবৈধ মাৰণাস্ত্ৰ

মৰিগাঁও,11মাৰ্চ: মৰিগাঁও আৰক্ষীৰ আন এক সফল অভিযান ৷ নিৰ্বাচনৰ পূৰ্বে মৰিগাঁও আৰক্ষীয়ে জব্দ কৰে অবৈধ মাৰণাস্ত্ৰ ৷ জানিব পৰা মতে,গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা মৰিগাঁও আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা আৰু উপ-আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মৰিগাঁৱৰ পৰা কেৰালালৈ যোৱা KL-38C-1717 নম্বৰৰ যাত্ৰীবাহী বিলাসী বাছখনত অভিযান চলায় ৷

অভিযানত এটা .2mm আৰু 9mm পিষ্টল,8জাঁই সজীৱ গুলী আৰু এটা মেগজিন জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে,আৰক্ষী অধীক্ষক ডo নন্দ সিং বৰকলাই ইটিভি ভাৰতক জানিবলৈ দিয়া মতে, ৰাজ্যৰ একাংশ শিক্ষিত নিবনুৱা যুৱকে কৰ্ম সংস্থাপনৰ বাবে অহা-যোৱা কৰাৰ সুবিধা লৈ একাংশ দুষ্ট চক্ৰৰে জড়িত থকা লোকে এনে অপৰাধ জনিত কাম কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে ৷

লগতে পঢ়কঃকংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.