ETV Bharat / state

Amrit Kalash land: মৰিগাঁৱৰ পৰা ১২ টা অমৃত কলহ গুৱাহাটীলৈ প্ৰেৰণ - মৰিগাঁৱৰ পৰা ১২ টা অমৃত কলহৰ মাটি গুৱাহাটীলৈ

মোৰ মাটি মোৰ দেশ অভিযানৰ অধীনত মৰিগাঁও জিলাৰ পৰা ১২ টা অমৃত কলহৰ মাটি গুৱাহাটীলৈ প্ৰেৰণ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ পৰাও আজি 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অধীনত ১২ টা অমৃত কলহত সংগ্ৰহ কৰা মাটি গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।

Amrit Kalash land sent to Guwahati from Morigaon
মৰিগাঁৱৰ পৰা ১২ টা অমৃত কলহৰ মাটি গুৱাহাটীলৈ প্ৰেৰণ
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 10:38 PM IST

মৰিগাঁৱৰ পৰা ১২ টা অমৃত কলহৰ মাটি গুৱাহাটীলৈ প্ৰেৰণ

মৰিগাঁও,২৫ অক্টোবৰ: মোৰ মাটি মোৰ দেশ অভিযানৰ অধীনত মৰিগাঁও জিলাৰ পৰা ১২টা অমৃত কলহৰ মাটি গুৱাহাটীলৈ প্ৰেৰণ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ পৰাও বুধবাৰে মোৰ মাটি মোৰ দেশ অভিযানৰ অধীনত ১২ টা অমৃত কলহত সংগ্ৰহ কৰা মাটি গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলা আয়ুক্তগৰাকীয়ে ৫ টা উন্নয়ন খণ্ড আৰু মৰিগাঁও পৌৰসভা সামৰি দুটাকৈ অৰ্থাৎ মুঠ ১২ টা কলহ লৈ যাত্ৰা কৰা ছজন যুৱকক গামোচা পিন্ধাই শুভেচ্ছা জ্ঞাপন কৰে ।

প্ৰতিটো উন্নয়ন খণ্ড আৰু পৌৰসভাৰ পৰা এজনকৈ যুৱকে দুটাকৈ কলহ কঢ়িয়াই নিয়ে । অমৃত কলহ কঢ়িয়াই নিয়া দলটোক জিলা আয়ুক্তৰ নেতৃত্বত জাগীৰোডৰ পৰা ওলোৱা এটা মটৰ চাইকেল ৰেলীৰে মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ সীমা পৰ্যন্ত আগবঢ়াই দিয়া হয় । কাইলৈ খণ্ড উন্নয়ন বিষয়া তথা পৌৰ কাৰ্যালয়ৰ পৰা অহা সমুদায় অমৃত কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্ৰাংগণত সংগ্ৰহ কৰা হ'ব ।

ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এক কার্যসূচীত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহ কৰা দুটাকৈ কলহৰ একোটাকৈ সৰ্বমুঠ ২৭০ টা কলহ নিশালৈ প্ৰেৰণৰ বাবে সাজু কৰা হ'ব । অৱশিষ্ট দ্বিতীয় কলহকেইটা ২২ ডিচেম্বৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জয়ন্তীত গহপুৰলৈ প্ৰেৰণ কৰা হ'ব । গহপুৰত কনকলতা বৰুৱাৰ স্মৃতিত প্রতিষ্ঠা হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কামত এই মাটি ব্যৱহাৰ কৰা হ'ব ।

২৭ অক্টোবৰত ৰাজধানী এক্সপ্রেছৰ নির্দিষ্ট ডবাত অসমৰ সমুদায় উন্নয়ন খণ্ড তথা পৌৰ এলেকাৰ পৰা সংগৃহীত ২০ টা কলহ লৈ নির্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীলৈ যাত্ৰা কৰি ২৮ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ'ব । ২৮ অক্টোবৰত নতুন দিল্লীত বাস কৰা অসমৰ লোকসকলে নতুন দিল্লী ৰে'ল ষ্টেচনত এই অমৃত কলহক আদৰণি জনাব ।

তাৰ পৰা এই অমৃত কলহসমূহ লৈ গৈ নতুন দিল্লীৰ অসম হাউছত সংৰক্ষণ কৰা হ'ব । ইয়াৰ পাছত এই পবিত্র ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মাণ অমৃত ভাটিকা বা অমৃত উদ্যানস্থলীলৈ লৈ যোৱা হ'ব । অসমৰ পৰা যোৱা যুৱক-যুৱতীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অসম হাউছৰ পৰা অমৃত ভাটিকা বা অমৃত উদ্যানলৈ শ্ৰদ্ধা সহকাৰে অমৃত কলহ যাত্রা সম্পন্ন কৰিব ।

লগতে পঢ়ক: Rakibul Hussain slams BJP: অমৃত কলহ যাত্ৰাত কংগ্রেছীয়ে অংশ লোৱাৰ প্ৰশ্নই নুঠে: ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.