মৰিগাঁও, 21 মেঃ মৰিগাঁও চহৰৰ ৰাজপথত একাঠু লৈকে পানী ৷ ওৰে দিনেই নেৰা-নেপেৰা বৰষুণ পৰি আছে মৰিগাঁৱত ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো আম্ফানৰ প্ৰভাৱ পৰা দেখা যায়। মৰিগাঁৱত বৃহস্পতিবাৰে পুৱাৰে পৰা আবেলি লৈকে নেৰা-নেপেৰা বৰষুণ পৰি আছে । ফলত মৰিগাঁও চহৰত কৃটিম বানপানীৰ সৃষ্টি হয় । ইতিমধ্যে উৰিষ্যা আৰু পশ্চিম বংগৰ লগতে বিভিন্ন ৰাজ্যত আম্ফানত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। ঠিক একেদৰে নগাঁৱতো পুৱাৰ পৰা নেৰা-নেপেৰা বৰষুণে আহুকলীয়া পৰিৱেশ সৃষ্টি কৰিছে ৷ কৃটিম বানত মৰিগাঁও চহৰত ৰাজপথতেই এতিয়া একাঠু একাঠু পানী ৷ পথ আৰু পদ পথৰ ওপৰতো পানী আৰু পানী । উল্লেখযোগ্য যে, আম্ফানৰ প্ৰভাৱৰ ফলত সৃষ্টি হোৱা এই বৰষুণৰ ফলত মৰিগাঁও চহৰৰ অধিক সংখ্যক ঠাইত সম্প্ৰতি কৃটিম বানৰ কৱলত পৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক- অসমতো পৰিছে আম্ফানৰ প্ৰভাৱ