ETV Bharat / state

মৰিগাঁৱত গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখলেৰে প্ৰতিবাদী কাৰ্যসূচী। শীঘ্ৰে জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে ২০২১ চনৰ নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু গৰীয়া-মৰীয়া দেশীয় জাতীয় পৰিষদ ।

all assam garia maria desi jatiya parishad protest at morigaon
মৰিগাঁৱত গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Sep 15, 2020, 3:44 PM IST

মৰিগাঁও, 15 ছেপ্তেম্বৰঃ মৰিগাঁৱত গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ। অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ ধ্বনিত মুখৰিত হ’ল মৰিগাঁৱৰ ৰাজপথ । মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গৰীয়া মৰীয়া দেশী জাতীয় দেশী পৰিষদ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত মৰিগাঁও চহৰৰ মাজমজিয়াত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী ।

মৰিগাঁৱত গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

উল্লেখযোগ্য যে, প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে-হাতে বেনাৰ, প’ষ্টাৰ, প্লেকাৰ্ড লৈ গৰীয়া-মৰীয়া সকলৰ লোকপিয়ল আৰম্ভ কৰক, গৰীয়া-মৰীয়া সকলৰ অৰ্থনৈতিক জৰীপ আৰম্ভ কৰক, গৰীয়া-মৰীয়া উন্নয়ন পৰিষদ গঠন কৰক আদি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

ইপিনে নিৰ্বাচনী ইস্তাহাৰত গৰীয়া-মৰীয়া জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি এটাও পালন নকৰাৰ বাবে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। ইয়াৰ লগতে শাসনৰ গাদীত থাকোতেই খিলঞ্জীয়া জনগোষ্ঠীটোক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ চৰকাৰক দাবী জনায় অন্যথা আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদ সাজু আছে বুলি চৰকাৰক সকিয়াই দিয়ে ।

লগতে পঢ়কঃ চান্দা বিচাৰি হাৰাশাস্তি নকৰিবলৈ কাক আহ্বান জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.