ETV Bharat / state

অখিল গগৈৰ আশু আৰোগ্য কামনা : মৰিগাঁৱত ভাগৱত-কোৰাণ পাঠ

author img

By

Published : Jul 28, 2020, 1:07 AM IST

প্ৰতিবাদৰ মাজতেই সম্প্ৰীতি মৰিগাঁৱত ভাতৃত্ববোধৰ নিদৰ্শন । কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু আশু আৰোগ্য কামনাৰে একেখন মঞ্চত ভাগৱত আৰু কোৰাণ পাঠ ৷

অখিল গগৈৰ আশু আৰোগ্য কামনা : মৰিগাঁৱত ভাগৱত-কোৰাণ পাঠ
অখিল গগৈৰ আশু আৰোগ্য কামনা : মৰিগাঁৱত ভাগৱত-কোৰাণ পাঠ

মৰিগাঁও, 28 জুলাই : সোমবাৰে কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু আশু আৰোগ্য কামনাৰে একেখন মঞ্চতে ভাগৱত আৰু কোৰাণ পাঠ কৰা হয় । কাৰাবন্দী কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবী মৰিগাঁৱত একেলগে বহিল ভকত বৈষ্ণৱ আৰু মৌলানা । নিদৰ্শন দাঙি ধৰিলে তাহানিৰ শংকৰ-আজানৰ ভাতৃত্ববোধৰ ।

মৰিগাঁৱত ভাগৱত-কোৰাণ পাঠ

প্ৰতিবাদৰ মাজতেই সম্প্ৰীতি ভাতৃত্ববোধৰ নিদৰ্শন দেখা পোৱা গ’ল মৰিগাঁৱত । দীৰ্ঘদিন কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ মুক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিবাদৰ মাজতেই সোমবাৰে মৰিগাঁৱৰ জালুগুটিত একেখন মঞ্চত ভাগৱত আৰু কোৰাণ পাঠ কৰা হয় ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা সমিতিৰ জালুগুটি আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷

লগতে চাওক-ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.