মৰিগাঁও,৫ মাৰ্চ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত মৰিগাঁৱত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিশাল বাইক ৰেলীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণত বাধা প্ৰদান কৰে আৰক্ষীয়ে । মৰিগাঁও জিলা কাৰ্যালয়ত আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰ্দ্ধ শতাধিক বাইক ৰেলীত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰীক ।
আৰক্ষীৰ এই পদক্ষেপৰ পিছতে উত্তেজিত হৈ পৰে যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকল । তাৰ পিছতে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । কা বাতিল, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবীৰে উত্তাল কৰি তোলে যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ।