ETV Bharat / state

সমগ্ৰ ৰাজ্যজুৰি CAB বিৰোধী প্ৰতিবাদ - WHOLE STATE PROTEST GAINST CAB

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত কোনো কাৰণত মানি নলয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

ৰাজ্যজুৰি CAB বিৰোধী প্ৰতিবাদ
author img

By

Published : Nov 15, 2019, 11:49 PM IST

নিউজ ডেস্ক , 15 নৱেম্বৰ: শুকুৰবাৰে কেবৰ বিৰোধিতাৰে কঁপি উঠিল সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলা ৷ হাতে হাতে চৰকাৰ বিৰোধী প্লে'কাৰ্ড লৈ বিভিন্ন শ্ল'গানে জোঁকাৰি গ'ল ৰাজ্যৰ চুক-কোণ ৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত কোনো কাৰণত মানি নলয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে যোৰহাট জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

CAB বিৰোধী প্ৰতিবাদ

আনহাতে লখিমপুৰ নগৰৰ মাজ মজিয়াৰে প্ৰতিবাদী সমদল উলিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । কোনো কাৰণতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ এই নীতি মানি লোৱা নহ'ব বুলি সংগঠনটোৱে হুংকাৰ দিয়ে । ডিচেম্বৰ মাহত চৰকাৰে বিধেয়ক গৃহীত কৰিবলৈ লোৱা কাৰ্যক ঘোৰ বিৰোধিতা কৰে সংগঠনটোৱে । লখিমপুৰৰ লগতে বিধেয়কখনৰ বিৰোধিতা কৰি ওলাই আহিল তিনিচুকীয়া, গোলাঘাট আৰু মৰিগাঁও জিলাৰ যুৱ ছাত্ৰ পৰিষদ ৷

মৰিগাঁৱত প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কেইবাগৰাকী প্ৰতিবাদী বক্তাই শাসনাধিষ্ট দুয়োখন চৰকাৰক কটু ভাষাৰে সমালোচনা কৰি জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.