ETV Bharat / state

সত্যৰঞ্জন বৰাক মানসিক ৰোগী আখ্যা এ আই ইউ ডি এফৰ যুৱ নেতাৰ

author img

By

Published : Sep 9, 2020, 9:09 AM IST

মঙলবাৰে এ আই ইউ ডি এফৰ নেতা জেহিৰুল ইছলামে লাহৰীঘাটৰ এখন দলীয় সভাত অংশ লৈ বৰাক মানসিক ৰোগী আখ্যা দিয়ে । তেওঁ কয় যে সত্যৰঞ্জন বৰা সুস্থ মানসিকতাৰ ব্যক্তি নহয়, বৰা এগৰাকী মানসিক ৰোগী ৷

mental patient
AIUDF leader

মৰিগাঁও, 9 ছেপ্তেম্বৰ : ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ-এ আই ইউ ডি মিত্ৰতাক কেন্দ্ৰ কৰি চৰ্চা অব্যাহত থকাৰ সময়তে কংগ্ৰেছৰ দূৰ্গ ৰূপে খ্যাত ৮১ নং লাহৰীঘাট বিধান সভা সমষ্টিত এ আই ইউ ডি এফ নেতাৰ বিস্ফোৰণ । বিতৰ্কিত সত্যৰঞ্জন বৰাক এইবাৰ মৰিগাঁৱত ওভতি ধৰিলে এ আই ইউ ডি এফৰ যুৱ নেতা জেহিৰুল ইছলামে ।

সত্যৰঞ্জন বৰাক মানসিক ৰোগী আখ্যা এ আই ইউ ডি এফৰ যুৱ নেতাৰ

মঙলবাৰে এ আই ইউ ডি এফৰ নেতা জেহিৰুল ইছলামে লাহৰীঘাটৰ এখন দলীয় সভাত অংশ লৈ বৰাক মানসিক ৰোগী আখ্যা দিয়ে । তেওঁ কয় যে, সত্যৰঞ্জন বৰা সুস্থ মানসিকতাৰ ব্যক্তি নহয়, বৰা এগৰাকী মানসিক ৰোগী ৷ সমান্তৰালভাৱে সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িকতাৰ বীজ সিঁচি শংকৰ-আজানৰ দেশত ধৰ্মীয় মেৰুকৰণৰে বিবাদ লগোৱাৰ চেষ্টা কৰিছে বুলি মন্তব্য এ আই ইউ ডি এফ যুৱ নেতাজনৰ । উল্লেখ্য যে, মৰিগাঁও জিলা যুৱ মৰ্চাৰ সমিতি গঠনৰ অৰ্থে লাহৰীঘাট ব্লক কমিউনিটি হলত এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । এই সভাত জেহিৰুল ইছলামে ভাষণ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে ।

লগতে পঢ়ক : বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সন্দৰ্ভত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.