মৰিগাঁও, 11 জুন : কৰ'ণা ভাইৰাছৰ ফলত দেশ তথা ৰাজ্যত চলা প্ৰায় তিনিমাহ জোৰা লক ডাউনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ কৃষকসকলৰ কঁকাল পুনৰ পোন কৰাৰ বাবে কৃষি বিভাগৰ তৎপৰতা । জিলা কৃষি বিভাগ আৰু জিলা কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ যুটীয়া উদ্যোগত মৰিগাঁৱৰ কৃষকৰ মাজত শালী খেতি বিষয়ত দিনযোৰা কৰ্মশালা ।
মৰিগাঁও জিলা কৃষি বিভাগৰ বীজ নিগম পৰিসীমিত কাৰ্যালয়ত অনুষ্ঠিত এই কৰ্মশালাত জিলা কৃষি বিষয়া তথা "এৰ্পাটৰ" নডেল বিষয়া ৰূপে প্ৰশিক্ষণটোৰ মুকলি কৰে মাধুৰাম পাটিৰে । এই প্ৰশিক্ষণত সমল ব্যক্তি ৰূপে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উপৰিও কেইবাগৰাকী কৃষি বিজ্ঞানীয়ে অংশ গ্ৰহণ কৰে ।
এই কৰ্মশালাত জিলা কৃষি বিষয়াগৰাকীয়ে এই প্ৰশিক্ষণত চাৰিবিধ উন্নত তথা বানপানীৰ সৈতে সহাৱস্থান কৰিব ফৰা ধানৰ বীজ,পৰিশোধন,ৰোপণ আদিৰ বিষয়ত কৃষি বিশেষজ্ঞ সকলে ব্যাখ্যা আগবঢ়োৱা বুলি উল্লেখ কৰে ।
আনহাতে এই প্ৰশিক্ষণত অংশ লোৱা জিলাখনৰ পাঁচটা উন্নয়ন খণ্ডৰ কৃষক সকলে ইয়াৰ জৰিয়তে উপকৃত হোৱা বুলি উল্লেখ কৰে মায়ং উন্নয়ন খণ্ডৰ প্ৰগতিশীল কৃষক দিলীপ ডেকাই ।
উল্লেখ্য যে, জিলাখনৰ সকলো আগ্ৰহী কৃষকক ৰাজ্যৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰি "এপাৰ্টৰ" অংশীদাৰ হ'বলৈ নডেল বিষয়াগৰাকীয়ে আহ্বান জনায় ।