ETV Bharat / state

Again one accused Ranjit Bora murder case: ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰে জড়িত পুনৰ এজনক গ্ৰেপ্তাৰ - ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰে জড়িত পুনৰ এজনক গ্ৰেপ্তাৰ

গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰে জড়িতৰ সন্দেহত মৰিগাঁও বৰিগাঁৱত আমীৰ আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ (Again one accused of Ranjit Bora murder case arrested by assam police) । ধৃত আমীৰ আলী মৰিগাঁৱৰ বৰিগাঁৱত শহুৰেক ঘৰত আত্মগোপন কৰি আছিল ।

Etv Bharat
Etv Bharat
author img

By

Published : Dec 5, 2022, 9:25 PM IST

মৰিগাঁও,5 ডিচেম্বৰ: গুৱাহাটীৰ পাঞ্জাবাৰীত ২১ নৱেম্বৰৰ দিনা সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড(Murder case in Guwahati) ৷ ঘটনাৰ সৈতে জড়িতৰ সন্দেহত আৰক্ষীয়ে আজি এজনক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখযোগ্য যে, পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক দিন-দুপৰতে গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই ৷ জানিব পৰা মতে, আঢ়ৈ লাখ টকা জমা দিবলৈ ছয়মাইলৰ আইচিআইচিআই বেংকলৈ গৈছিল পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা (Firing at Panjabari Guwahati)। কিন্তু বেংকত ধন জমা কৰাৰ পূৰ্বেই অৰ্থাৎ বেংকত প্ৰৱেশৰ পূৰ্বেই ৱাগানৰ গাড়ীত অহা দুৰ্বৃত্তই পাঞ্জাবাৰীৰ ৰাজপথত গুলীয়াই হত্যা কৰে পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক (Ranjit Bora murder case in Guwahati)।

ৰঞ্জিত বৰাক হত্যা কৰাৰ তৎমুহূৰ্ততে বেংকত জমা কৰাৰ উদ্দেশ্যৰে ৰঞ্জিত বৰাই লগত লৈ যোৱা ধনখিনি লু্টি লৈ যায় দুৰ্বৃত্তকেইটাই । বিগত মাহৰ 21 নৱেম্বৰৰ দিনা মহানগৰীৰ ৰাজপথত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ পাছতেই হত্যাকাৰীৰ সন্ধানত মাৰাথান অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল মহানগৰ আৰক্ষীয়ে ৷ কিন্তু বিশেষ সফলতা আৰ্জিব পৰা নাছিল ৷

মহানগৰ আৰক্ষীয়ে নিজৰ ব্যৰ্থতা উদঙাই ইতিমধ্যে ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্ধান দিওঁতালৈ দুই লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে (Reward to informer of Ranjit Bora murderer)। তাৰ পাছতেই যোৱা শুক্ৰবাৰে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে বিগত ২১ নবেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত ৰঞ্জিত বৰা হত্যাকাণ্ডৰৰ লগত নাম সাঙোৰ খাই পৰিছিল আমীৰ আলীৰ(Again one accused of Ranjit Bora murder case arrested by assam police ।

জানিব পৰা মতে, তেতিয়াৰ পৰা ধৃত আমীৰ আলীয়ে আত্মগোপন অৱস্থাত আছিল । ধৃত আমীৰ আলীক গ্ৰেপ্তাৰ কৰি মৰিগাঁও সদৰ আৰক্ষী থানাত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । মন কৰিবলগীয়া যে, এই সন্দৰ্ভত গুৱাহাটীৰ পৰা এটা আৰক্ষীৰ দল মৰিগাঁও সদৰ থানালৈ আহি থকা বুলি সদৰি কৰিছে মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ।

আমীৰ আলীক গ্ৰেপ্তাৰৰ পাছত মৰিগাঁৱত অব্যাহত আছে প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক: ULFA I cadre Death : মৃতদেহ নাপালে আত্মহত্যাৰ হুংকাৰ মৃত আলফা কেডাৰৰ ভগ্নীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.