ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁও আছুৰ প্ৰতিবাদ - যোগান মন্ত্ৰী ফনীভুষন চৌধুৰী মুৰ্দাবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি জ্বলিছে ক্ষোভৰ জুই ৷ যোগান মন্ত্ৰীগৰাকীৰ চৰম ব্যৰ্থতাক একে মুখে ধিক্কাৰ সাধাৰণ ৰাইজৰ ৷ বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে মৰিগাঁও আছুৰ প্ৰতিবাদ ৷

aasu protested at morigaon
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁও আছুৰ প্ৰতিবাদ
author img

By

Published : Nov 7, 2020, 10:53 PM IST

মৰিগাঁও,7 নৱেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ মূল্য বৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷ শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলা সমিতিৰ লগতে মৰিগাঁও ভূৰবন্ধাটো ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ৷

aasu protested at morigaon
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁও আছুৰ প্ৰতিবাদ

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে জনসাধাৰন ৰাইজক ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰ ৷ যোগান মন্ত্ৰী গৰাকীৰ চৰম ব্যৰ্থতাক একে মুখে ধিক্কাৰ দিছে সাধাৰণ ৰাইজে ৷ মহামাৰী ক'ৰণাৰ দীঘলীয়া ল'কডাউনে আৰ্থিক ভাৱে দুৰ্ৱল কৰিছে জনতাক ৷ তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়েও কোঙা কৰি পেলাইছে ৰাজ্যবাসীক ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত আলু, পিয়াঁজ আদি খাদ্য সামগ্ৰী সন্মুখত ৰাখি কাঁহী-বাতি বজাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে শুই থকা যোগান মন্ত্ৰী ফনীভুষন চৌধুৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডুমডুমাত আছুৰ বিক্ষোভ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.