ETV Bharat / state

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ - উপায়ুক্ত

৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷ উক্ত সভাখনত জিলা প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ বহু কেইজন বিষয়া উপস্থিত থাকে ৷

4th Independence Day Preparation At Morigaon
৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ
author img

By

Published : Aug 3, 2020, 4:40 PM IST

মৰিগাঁও, 3 আগষ্টঃ আগন্তুক দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো চলিছে পূৰ্ণ প্ৰস্তুতি । কৰ'ণা মহামাৰী আৰু বানপানীৰ মাজতে অনুষ্ঠিত হ'ব লগা দেশৰ স্বাধীনতা দিৱসৰ সন্দৰ্ভত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ সন্দৰ্ভত মৰিগাঁও জিলাৰ উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৷

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ

৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত সোমবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷ এইবেলি স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত চৰকাৰে দিয়া নিৰ্দেশনা সমূহ অবগত কৰে উপায়ুক্ত ঋতুৰাজ বৰাই । তেওঁ লগতে কয় যে, কৰ'ণা ভাইৰাছৰ বাবে আগন্তুক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ অধিক মানুহ আমন্ত্ৰণ জনোৱা নহ'ব ।

আনহাতে, এই বৰ্ষৰ স্বাধীনতা দিৱসত বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক ক'ভিড-19 ৰ পৰিপ্ৰেক্ষিতত বিৰত কৰা হৈছে । তিনিভাগৰ এভাগ লোকৰ উপস্থিতিত অনুষ্ঠিত কৰা হ'ব দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস । মন কৰিবলগীয়া যে, অনলাইন ব্যৱস্থাৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি স্থান প্ৰাপ্ত লোক সকলক ঘৰে ঘৰে প্ৰমাণ পত্ৰ প্ৰদান কৰিব বুলি মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে । সমান্তৰালভাৱে জিলাখনৰ সকলো দল সংগঠন তথা জ্যেষ্ঠ নাগৰিকৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰে সোমবাৰৰ অনুষ্ঠিত হোৱা এই প্ৰস্তুতি সভা খনত । সভাত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া উপস্থিত থাকে ৷ লগতে জিলাখনৰ কেইবাটাও বিভাগৰ মুৰৰ্বী সকলক এই সভাযোগে ভাগে ভাগে দ্বায়িত্ব অৰ্পণ কৰে ।

লগতে পঢ়ক- শিলচৰত ৰাম মন্দিৰ বিতৰ্কঃ দুই পক্ষৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.