ETV Bharat / state

মৰিগাঁৱৰ চামকাটা গাঁৱক মাইক্ৰ' কন্টেইনমেন্ট জ'ন ঘোষণা

author img

By

Published : May 14, 2021, 1:22 PM IST

মৰিগাঁৱত অপৰিৱৰ্তিত ক'ভিড পৰিস্থিতি । এতিয়ালৈকে জিলাখনৰ ৭ টা অঞ্চলক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা । চামকাটা গাঁৱক মাইক্ৰ' কন্টেইনমেন্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ ।

7 AREA IN MORIGAON DECLARED CONTAINMENT ZONE
মৰিগাঁৱত অপৰিৱৰ্তিত ক'ভিড পৰিস্থিতি

মৰিগাঁও, ১৪ মে': ৰাজ্যৰ আন আন জিলাৰ লগতে মৰিগাঁৱতো বৃদ্ধি পাইছে দৈনিক কৰ'ণাত আক্ৰান্তৰ সংখ্যা । সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে জিলাখনৰ কেইবাটাও অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে । বৃহস্পতিবাৰে জিলাখনৰ চামকাটা গাঁৱক জিলা প্ৰশাসনে মাইক্ৰ' কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে ।

7 AREA IN MORIGAON DECLARED CONTAINMENT ZONE
মৰিগাঁৱৰ চামকাটা গাঁৱক মাইক্ৰ' কন্টেইনমেন্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ

মৰিগাঁও জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগৰ অধ্যক্ষা সীমাৰেখা ভূঞাৰ হৈ অতিৰিক্ত উপায়ুক্ত হানিফ নুৰানিৰ স্বাক্ষৰিত এক নিৰ্দেশনাৰ জৰিয়তে মৰিগাঁও ৰাজহ চক্ৰৰ চামকাটা গাঁৱক মাইক্ৰ' কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হয় । গাঁওখনৰ মুঠ ৫৭ পৰিয়ালৰ ভিতৰত ২২টা পৰিয়ালৰে অৰ্ধ শতাধিক লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ।

উত্তৰে- কাণপালা গাঁও, দক্ষিণে-চিকাবড়ী, পূৱে-ৰলী পথাৰ, পশ্চিমে-চামকাটা পথাৰলৈ যাতে সংক্ৰমণ বিয়পি নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওখনক মাইক্ৰ' কন্টেইনমেন্ট জ'ন ঘোষণা কৰে জিলা প্ৰশাসনে । আনহাতে, মৰিগাঁৱত ক'ভিড পৰিস্থিতি জটিল হৈ পৰিছে ।

বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মুঠ ১৫৬৯ গৰাকী লোকৰ ক'ভিড এন্টিজেন পৰীক্ষা কৰোৱা হয় । ইয়াৰে ১৯৭ গৰাকীৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । মৰিগাঁৱত বৃহস্পতিবাৰৰ দিনটোত মুঠ চাৰিগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু হয় ।

জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, বৰ্তমানলৈকে জিলাখনত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি হৈছে । ইফালে, জিলাখনৰ মুঠ ১,১১৭ গৰাকী লোকক ক'ভিড মুক্ত বুলি ঘোষণা কৰিছে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক:বিহালীত কোৱাৰেণ্টাইনত থকা পৰিয়ালক ৰঞ্জিত দত্তৰ নিৰ্দেশত খাদ্যৰ যোগান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.