ETV Bharat / state

CBSE পৰীক্ষাঃ 100 শতাংশ উত্তীৰ্ণ মৰিগাঁৱত - মৰিগাঁও জিলা

CBSC পৰীক্ষাত 100 % ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ পুনৰ উজলিল মৰিগাঁও ৷ ইতিমধ্যে আনন্দিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে পৰিয়ালৰ লোকসকল ৷

100%  Students  Passed At Marigaon in  CBSC Exam
CBSE পৰীক্ষাঃ 100 শতাংশ উত্তীৰ্ণ মৰিগাঁৱত
author img

By

Published : Jul 18, 2020, 8:22 PM IST

মৰিগাঁও, 18 জুলাইঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ CBSE পাঠ্যক্ৰমেৰে ৩৪ জন ছাত্ৰ ছাত্ৰী 2020বৰ্ষত অৱতীৰ্ণ হৈছিল ৷ উক্ত পৰীক্ষাত 34 গৰাকী ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ৷

CBSE পৰীক্ষাঃ 100 শতাংশ উত্তীৰ্ণ মৰিগাঁৱত

উল্লেখ্য যে,দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলৰ দৰে CBSC পৰীক্ষাটো চমক পদ ফলাফল লাভ কৰিবলৈ সক্ষম হয় মৰিগাঁৱৰ মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ অসমৰ মুঠ 14 খন বিদ্যালয়ৰ CBSE পৰীক্ষাত ৫৫১গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয় ৫২৮ গৰাকী ছাত্ৰ-ছাত্ৰী । ইয়াৰে ভিতৰত ডিষ্টিংচন নম্বৰ ৫৯ গৰাকীয়ে লাভ কৰাৰ বিপৰীতে ৭০ গৰাকীয়ে লাভ কৰিলে ষ্টাৰ মাৰ্ক । CBSE ত অসমৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ উৰ্ত্তীণৰ হাৰ ৯৫.৮৩ শতাংশ ।

মৰিগাঁও জিলাৰ একমাত্ৰ আদৰ্শ বিদ্যালয় খন আছে মৈৰাবাৰীত । মৰিগাঁও জিলাৰ একমাত্ৰ ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় ২০০০ চনত চৰকাৰী নিৰ্দেশ অনুসৰি CBSE পাঠ্যক্ৰম কৰা হয় আদৰ্শ বিদ্যালয় সমূহত । CBSE পাঠ্যক্ৰমেৰে দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ ৩৪ জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল । ১৫ জুলাইত CBSE ফলাফল অনুসৰি ৩৪ জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ডিষ্টিংচন নম্বৰ লাভ কৰে ৪ গৰাকী,ষ্টাৰ মাৰ্ক লাভ কৰে ২ গৰাকী,প্ৰথম বিভাগত ৭,দ্বিতীয় বিভাগত ১৬ গৰাকীৰ লগতে ৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ এই ফলাফলত শিক্ষাগুৰু সকলৰ লগতে পৰিয়ালে আনন্দ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক- বিশ্ববিদ্যালয়সমূহে পৰীক্ষা অনুষ্ঠিত কৰাৰ স্থিতি সন্দৰ্ভত UGCক জনালে সবিশেষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.