ETV Bharat / state

প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল মাজুলীৰ পঞ্চায়ত প্ৰতিনিধি

author img

By

Published : May 23, 2021, 7:56 AM IST

ক'ভিড প্ৰট'কল মানি মাজুলীৰ ৰাওনা পাৰত জিলাখনৰ 20 খন গাঁও পঞ্চায়তৰ সদস্যৰ প্ৰতিবাদ ৷ জিলাখনৰ গাঁও পঞ্চায়তৰ সদস্য সকলে চৰকাৰী সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

word members of Majuli protested demanding government benefits
চৰকাৰী সুবিধা প্ৰদানৰ দাবীত মাজুলীৰ পঞ্চায়তৰ গাঁও সদস্য/সদস্যাৰ প্ৰতিবাদ

মাজুলী, 23 মে': শনিবাৰে মাজুলীৰ ৰাওনা পাৰত জিলাখনৰ 20 খন গাঁও পঞ্চায়তৰ সদস্যৰ সকলে এক প্ৰতিবাদ সাব্যস্ত কৰে ৷ ক'ভিড প্ৰট'কল মানি প্ৰতিখন পঞ্চায়তৰ প্ৰতিনিধিয়ে চৰকাৰী কোনো সুবিধা লাভ নকৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷ গণতান্ত্ৰিক সমাজ ব্যৱস্থাত দেশৰ সকলো জন প্ৰতিনিধিকে ভোটদান প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হয় তেনে সময়তে পঞ্চায়তৰ প্ৰতিনিধি সকলক কিয় চৰকাৰে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰা হয় বুলিও ক্ষোভ প্ৰকাশ কৰে প্ৰতিনিধিসকলে ৷

নতুন চৰকাৰ খনৰ প্ৰতি পঞ্চায়তৰ জন প্ৰতিনিধি সকলে নীতিগতভাৱে কেতবোৰ সুবিধা প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷ প্ৰতিনিধিসকলৰ দাবী সমূহ হ'ল-

1. অনাদায় 21 মাহৰ জলপানি 1500/-টকা অতিশীঘ্ৰে মোকোলাই দিব লাগে।

2. এজন শ্ৰমিকে দৈনিক 350-400 টকা পায়, গতিকে সেই হিচাপত সকলো সদস্যক প্ৰতি মাহে 15,000 ৰ পৰা 20,000 টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷

3. ৱাৰ্ড সদস্য সকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে ।

4. এজন জন প্ৰতিনিধিয়ে যি চৰকাৰী সুবিধা পাব লগে সেই সকলো সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে ।

লগতে পঢ়ক: এজাৰ ফুলিলেই বেজাৰ লাগে মাজুলীবাসীৰ: কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.