ETV Bharat / state

Socially isolated family in Majuli: সত্ৰনগৰীতে ভূলুণ্ঠিত মানৱতা ! গঞাই স্পষ্ট কৰিলে স্থিতি - গঞাই স্পষ্ট কৰিলে স্থিতি

মাজুলীৰ মলুৱাল কলিতা গাঁৱৰ নামঘৰত সংবাদমেল । সদ্য প্রয়াত গজেন ৰাজখোৱা আবিয়ই হোৱাৰ বাবেহে দহা কামলৈ নগল গাঁওবাসী । স্পষ্ট কৰিলে স্থিতি ।

A family from Majuli ostracized from society
মাজুলীৰ মলুৱাল কলিতা গাঁৱৰ নামঘৰত সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:22 PM IST

মাজুলীৰ মলুৱাল কলিতা গাঁৱৰ নামঘৰত সংবাদমেল

মাজুলী, ১ ছেপ্টেম্বৰ: বৃহস্পতিবাৰৰ দিনটোত মাজুলীৰ মলুৱাল কলিতা গাঁৱৰ সদ্য প্ৰয়াত গজেন ৰাজখোৱাৰ দহা কৰ্মত গাঁওখনৰ ৰাইজে অংশগ্ৰহণ নকৰা বিষয়টোৱে চৰ্চা লাভ কৰিছিল । এই বিষয়টোৰ ওপৰত বিভিন্ন সংবাদ মাধ্যমত চৰ্চা লাভ কৰে । গজেন ৰাজখোৱাৰ দহা কৰ্মত মলুৱাল কলিতা গাঁৱৰ ৰাইজ উপস্থিত নোহোৱাৰ বাবে দহা কৰ্ম কৰি নোৱাৰিলে পৰিয়টিয়ে । প্ৰয়াত গজেন ৰাজখোৱা পৰিয়ালে উত্থাপিত কৰা আহোম সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰোৱাৰ বাবে এঘৰীয়া কৰা যি বাতৰি লৈ সমগ্ৰ অসম জুৰি প্ৰতিক্ৰিয়াৰ পাচতে আজি মলুৱাল কলিতা গাঁৱৰ ৰাইজে এক সংবাদ মেল সম্বোধন কৰে ।

গাঁওবাসীয়ে উল্লেখ কৰা মতে,আহোম সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰোৱাৰ বাবে গজেন ৰাজখোৱাৰ পৰিয়ালক এঘৰীয়া কৰা হোৱা নাই । ৰাইজে কয় যে ইয়াত ভিন্ন জাতি বৰ্ণৰ ভাষা ভাষীৰ লোকে একেলগে একেখন সমাজতে বসবাস কৰি সমিল মিলে দিন পাৰ কৰিছে । সদ্য প্ৰয়াত গজেন ৰাজখোৱাৰ দহা কৰ্ম আবিয়ই হোৱাৰ বাবেহে সমাজৰ মূল ব্যক্তিসকলে, শৰণ ভোজন লোৱা ব্যক্তিসকলৰ বাদে, গাঁৱৰ যিসকল অশৰণীয় লোক আছে তেওঁলোকৰ দ্বাৰা দহা কৰ্ম কৰাৰ কথা আছিল যদিও প্ৰয়াত গজেন ৰাজখোৱাৰ পৰিয়ালে সংবাদ মাধ্যমক দিয়া ভাষ্য অনুসৰি আহোমৰ ছোৱালী অনাৰ বাবে এঘৰীয়া কৰা বুলি মিছা ভাষ্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বুলি মন্তব্য গাঁওবাসীৰ ।

ইপিনে,৭ ছেপ্টেম্বৰত অনুষ্ঠিত হবলগীয়া আদ্যশ্ৰাদ্ধ অনুষ্ঠানত গাঁওবাসীয়ে সহযোগ কৰিব নে নাই এতিয়াও নিশ্চিত নহয় । উল্লেখ্য় যে দুৰ্ভগীয়া পৰিয়ালটো দীৰ্ঘ সময় ধৰি সমাজৰ পৰা বঞ্চিত হৈ আছে ৷ এটা দীঘলীয়া সময় সমাজৰ পৰা আঁতৰি থাকি অৱশেষত ভাগৰি পৰিল ঘৰৰ মুখীয়ালজন ৷ কলিতা সম্প্ৰদায়ৰ এই পৰিয়ালটো মাজুলীৰ মলুৱাল কলিতা গাঁৱৰ নিবাসী ৷ প্ৰয়াত গজেন ৰাজখোৱাই সামাজিকভাৱে বিয়া পতা নাছিল আৰু তেওঁৰ ভাতৃয়ে, পৰিয়ালটোৰ কনিষ্ঠজনে আহোম সম্প্ৰদায়ৰ এগৰাকী ছোৱালী বিয়া পাতিছিল বাবেই গজেন ৰাজখোৱাৰ আদ্যশ্ৰাদ্ধলৈ আহি পৰিয়ালটোক সমাজখনে উদ্ধাৰ কৰাৰ কথা ভাৱিব নোৱাৰিলে বুলি বাতৰি প্ৰকাশ পাইছিল ৷

লগতে পঢ়ক:A family from Majuli ostracized from society:জাত-পাত আৰু সামাজিক নিয়ম যেতিয়া কাৰোবাৰ বাবে দুৰ্বিসহ হৈ পৰে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.