ETV Bharat / state

কৰ্মসূত্ৰে গোৱালৈ যোৱা মাজুলীৰ দুই যুৱকৰ মৃত্যু

author img

By

Published : Jun 29, 2021, 7:46 PM IST

বহিঃৰাজ্যৰ ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি পৰিয়ালক দুবেলা-দুমুঠিৰ যোগান ধৰিছিল মাজুলীৰ নাগনচূক গাঁৱৰ দুই যুৱক ক্ৰমে মণ্ডল নৰহ আৰু ৰাজকুমাৰ নৰহে ৷ বহিঃৰাজ্যলৈ গৈ ঘৰলৈ ঘূৰি অহা সম্ভৱ হৈ নুঠিল দুই যুৱকৰ ৷ গোৱাৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা যুৱক দুজনে মঙলবাৰে এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয় ৷

two-youth-from-majuli-died-in-a-road-accident-in-goa
কৰ্মসূত্ৰে গোৱালৈ যোৱা মাজুলীৰ দুই যুৱকৰ মৃত্যু

মাজুলী, 29 জুন : সম্প্ৰতি ৰাজ্যত আছে বহু লক্ষাধিক নিবনুৱা যুৱক-যুৱতী(jobless youth) ৷ ইখনৰ পিছত সিখন চৰকাৰ আহে আৰু যায় ৷ কিন্তু প্ৰতিবাৰে নিবনুৱা সংস্থাপনৰ বিষয়টো কেৱল মাত্ৰ নিৰ্বাচনী ইস্তাহাৰতে সীমাবদ্ধ থাকে ৷ এনে সময়ত বহু নিবনুৱাৰ একমাত্ৰ পথ হৈ পৰে বহিঃৰাজ্যৰ একো একোটা চাকৰি ৷

নিজৰ লগতে পৰিয়ালৰ দায়িত্ব লৈ বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপন(work opportunity in outer state) বিচাৰি ঢাপলি মেলে এনে বহু নিবনুৱাই ৷ একেদৰেই মাজুলীৰ দুই নিবনুৱা যুৱকেও কৰ্ম সংস্থাপন বিচাৰি যাত্ৰা কৰিছিল গোৱালৈ ৷ কিন্তু দুই যুৱক আৰু কেতিয়াও ঘৰলৈ ঘূৰি আহিব নোৱাৰিব ৷

মাজুলীৰ নাগনচূক গাঁৱৰ দুই যুৱক ক্ৰমে মণ্ডল নৰহ আৰু ৰাজকুমাৰ নৰহে পৰিয়ালৰ মুখত হাঁহি বিৰিঙাই দুবেলা-দুসাঁজৰ যোগান ধৰাৰ বাবে যিমান দূৰ সম্ভৱ কষ্ট অব্যাহত ৰাখিছিল ৷ স্বাভাৱিকতে দুয়োৰে এনে প্ৰচেষ্টাত দৰিদ্ৰ পৰিয়াল দুটাই স্বস্তিৰ নিশ্বাস পেলাইছিল ৷ পিছে বিধিৰ বিধান নাযায় খণ্ডন ৷

পৰিয়ালৰ দায়িত্ব ল’বলৈ গোৱালৈ গৈ ঘৰলৈ ঘূৰি নাহিল মাজুলীৰ দুই যুৱক

গোৱাৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত(private organisation in Goa) কাম কৰা যুৱক দুজনে সোমবাৰে এক পথ দুৰ্ঘটনা(road accident)ত পতিত হৈ মৃত্যুক সাৱটি লয় ৷ দুই যুৱকৰ মৃত্যুত এতিয়া আন এক সমস্যাৰ সন্মুখীন হৈছে দুয়োৰে পৰিয়ালৰ লোক ৷ বহিঃৰাজ্যলৈ গৈ নিজ পুত্ৰৰ মৃতদেহ ঘৰলৈ আনিবলৈকো অৰ্থৰ সংকটত পৰিছে দুয়োটা পৰিয়াল ৷

সুদুৰ গোৱাৰ পৰা মাজুলীলৈ মৃতদেহ কঢ়িয়াবলৈ প্ৰয়োজন হ’ব পৰা ধন হাতত নাই পৰিয়াল দুটাৰ ৷ পৰিয়াল দুটাৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ মৃত্যুত দিক-বিদিক হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে ৷ দুই যুৱকৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : বোৱাৰী নিৰ্যাতনত অভিযুক্ত শিক্ষক পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.