মাজুলী, ২ নৱেম্বৰ : মঙলবাৰে দুখন বিশেষ গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থ দুখন লিখি উলিয়াইছে এইবছৰৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা মাজুলীৰ ১৩ নং চামগুৰি বণিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুণুমা ভৰালী হাজৰিকাই । গ্ৰন্থ দুখনৰ এখন হৈছে 'যুগ্ম জীৱনৰ চাকনৈয়া' নামৰ উপন্যাস আৰু আনখন 'ব্যাকৰণ আৰু ৰেঙণি' ।
দুয়োখন গ্ৰন্থই ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী শিক্ষয়িত্ৰী ৰুণুমা ভৰালী হাজৰিকা । গ্ৰন্থ উন্মোচনী সভাত বনগাঁও শিক্ষক কেন্দ্ৰ সভাই শিক্ষয়িত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত সভাত উপস্থিত থাকে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, শিক্ষা বিভাগৰ উপ পৰিদৰ্শক, মাজুলী জিলা শিক্ষক সন্মিলনীৰ সম্পাদক, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি, কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বনগাঁও কেন্দ্রৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ।
লগতে পঢ়ক : থাওৰা সমষ্টিত ব্যাপক ৰিগিঙৰ অভিযোগ