ETV Bharat / state

Traditional fish haunting in Majuli : মাজুলীত হেজাৰ হেজাৰ গঞাৰ সমূহীয়া মৎস্য চিকাৰ

মাজুলীৰ গঞাৰ মৎস্য চিকাৰ ৷ চিতাদাৰৰ দলঙা বিলত জাকিমাৰি নামিল গঞা ৷ অন্যহাতে বিদেশী পৰ্যটকে উপভোগ কৰিলে মৎস্য চিকাৰৰ দৃশ্য ৷ চিতাদাৰ চুকৰ দলঙা বিলত হাতে হাতে মোৱা, পুঠি, খলিহনা, কাৱৈ,বৰালি ,শ’লমাছ লৈ উথপথপ মন গঞাৰ (Traditional fish haunting in Majuli)৷

Etv Bharat
Etv Bharat
author img

By

Published : Dec 18, 2022, 2:23 PM IST

মাজুলীত হেজাৰ হেজাৰ গঞাৰ সমূহীয়া মৎস্য চিকাৰ

মাজুলী, 18 ডিচেম্বৰ: পুহ মহীয়া হিম চেঁচা শীতক নেওচি কুঁৱলী ফালি পুৱাই ওলাই আহিল জাকে জাকে গঞা ৷ হাতে হাতে প'ল, চালনি জাকৈ, জুলুকি, জাল লৈ । সমূহীয়াকৈ মৎস্য চিকাৰ কৰাৰ উদ্দেশ্যৰে দেওবাৰৰ দিনটোত মাজুলীৰ চিতাদাৰৰ দলঙা বিলত জাকে জাকে কাহিলীপুৱাতে মানুহ ওলাই আহিল মৎস্য চিকাৰ কৰাৰ উদ্দেশ্যৰে ৷

এয়া ধান কটাৰ সময় ৷ ন ধানেৰে ন-খোৱাৰ সময় ৷ ইয়াৰ সমান্তৰালভাৱে গাঁৱে গাঁৱে চলিছে মাছ ধৰা পৰ্ব (Fish haunting in Majuli) । আজি পুৱাই মুখৰিত হ'ল মাজুলীৰ দলঙা বিলৰ পাৰ । হাতে হাতে পল, জুলুকি, জাকৈ, জাল লৈ জাকি মাৰি মাছ ধৰিবলৈ হাড় কঁপোৱা জাৰত পানীত নামিল ৫ খন গাঁৱৰ ডেকা বুঢ়া পুৰুষ-মহিলা ।

চিতাদাৰচুকৰ দলঙা বিলৰ চৌপাশে আজি মৎস্য চিকাৰী আৰু মৎস্য চিকাৰ চোৱা মানুহৰ ভিৰ ৷ মাছ ধৰাৰ আনন্দত উতলা গঞাৰ মন ৷ পৰম্পৰাগতভাৱে পুহ মাহৰ প্ৰথম দেওবাৰটোত ৫ খন গাঁৱৰ লোকে একেলগে দলঙা বিলত মৎস্য চিকাৰ কৰে ।

Traditional fish haunting in Majuli

আনফালে পাঠৰিচুকৰ কৰৈঅনি বিলটো একেই দৃশ্য ৷ পৰম্পৰা ৰক্ষা কৰি পুহ মহীয়া ঠেঁটুৱৈ লগা জাৰকো নেওচি ওলাই আহিল জাকে জাকে গঞা ।হাতে হাতে পল চালনি, জাকৈ, জুলুকি লৈ পুৱাই বিলৰ পাৰত ভিৰ কৰিলে পুৰুষ মহিলা । পাঠৰিচুক কৰৈঅনি বিলত সমূহীয়া মৎস্য চিকাৰৰ পৰম্পৰা চলি আহিছে বছৰ বছৰ ধৰি (Traditional fish haunting in Majuli) । পুহ মাহত গাঁওৰ সকলো মিলি বিলত নামি মাছ ধৰে আৰু এই ঐতিহ্য পৰম্পৰা আজিও জীয়াই ৰাখিছে গাঁওবাসীয়ে ।

কোনোৱে খাৱৈ ভৰাই মাছ পাইছে আৰু কোনোৱে কাৱৈ, মোৱা এটাও পোৱা নাই । তথাপিও আক্ষেপ নাই কাৰো মনত ৷ উলাহেৰে গঞা ৰাইজে পালিছে সম্প্ৰতি আৰু একতাৰ এই পৰম্পৰা । ন চাউলৰ সৈতে বিলৰ মাছ এসাঁজ খাবলৈ এনেকৈয়ে বুঢ়া-মেঠা সকলো বিলত নামি মাছ ধৰা দেখিবলৈ পোৱা গ’ল আজি দেওবাৰে ।

মৎস্য চিকাৰৰ এই অনাবিল আনন্দৰ একো একোটা মুহুৰ্ত উপভোগ কৰিছে বিদেশৰ পৰ্যটকেও । চিতাদাৰ চুকৰ দলঙা বিলত মৎস্য চিকাৰ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছে ফ্ৰান্স ,আমেৰিকাৰ পৰ্যটক ।

লগতে পঢ়ক : Land mafia attacked at Sawkuchi: মহানগৰীত ভূ মাফিয়াৰ প্ৰহাৰত আহত 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.