মাজুলী, 17 ফেব্ৰুৱাৰী : যোৰহাট-মাজুলীবাসীৰ বাবে সু-খবৰ ৷ কিয়নো বুধবাৰে ভূমি পূজন কৰা হ'ব যোৰহাট-মাজুলী সংযোগী দলঙৰ ৷ দলঙৰ ভূমি পূজনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব ৷ লগতে, উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীবাসীৰ সপোনৰ দলঙখন বাবে কাইলৈ অনুষ্ঠিত হ'ব লগা ঐতিহাসিক মূহুৰ্তত মাজুলীবাসীক উপস্থিত থাকিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : আজি উন্মোচিত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ্থখন গ্ৰন্থ