ETV Bharat / state

Majuli by-election: কংগ্ৰেছ-অসম জাতীয় পৰিষদ একাকাৰ মাজুলীত

author img

By

Published : Feb 10, 2022, 8:57 PM IST

মাজুলীত উপ-নিৰ্বাচনৰ বা (Majuli by election 2022) ৷ মাজুলীৰ উপ-নিৰ্বাচন (Majuli LAC by-election) ত কংগ্ৰেছে নিজৰ স্থান এৰি দিলে অসম জাতীয় পৰিষদক ৷ ৰাইজৰ হিতৰবাবে বিজেপিক পৰাভূত কৰিবলৈ AJP ৰ লুৰিণ জ্যোতি গগৈক সহায় কৰিবলৈ প্ৰস্তুত প্ৰদেশ কংগ্ৰেছ ৷

Majuli by election 2022
কংগ্ৰেছ-অসম জাতীয় পৰিষদ একাকাৰ মাজুলীত

মাজুলী, 10 ফেব্ৰুৱাৰী : এইবাৰ মাজুলীৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ প্ৰতীক নাথাকে । মাজুলীত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ হ’ল একাকাৰ ৷ অসম জাতীয় পৰিষদৰ লগত হোৱা মিত্ৰতাৰ ফলত মাজুলীত অসম জাতীয় পৰিষদৰ লগত নিৰ্বাচন খেলিব কংগ্ৰেছে (Majuli by election 2022) । বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত কংগ্ৰেছৰ ।

বৃহস্পতিবাৰে মাজুলীত আয়োজিত কৰা হয় বৰ্দ্ধিত কাৰ্যনিৰ্বাহৰ এখন সভা ৷ এই সভাত অংশলৈ এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । এই সভাত মাজুলীৰ উপ নিৰ্বাচন সন্দৰ্ভত মণ্ডল কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ সভাপতিৰ সৈতেও এক বৈঠকত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ।

এই সভাতে অংশলৈ বিজেপিৰ লগতে প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী ৰাজীৱ লোচন পেগুকো কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

কংগ্ৰেছ-অসম জাতীয় পৰিষদ একাকাৰ মাজুলীত

লগতে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘২০২১ নিৰ্বাচনত ৰাজীৱ লোচন পেগুৰ হৈ প্ৰচাৰ চলাইছিলো । আজি কিন্তু সেইজন সেনাপতিয়ে মাজুলীত পলৰিয়া ভাও দিছে’’ । যেতিয়া ৰাজীৱ লোচন পেগুৱে দেখিলে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া ৰাজীৱ লোচন পেগু পলাই গুছি গ'ল । এইবুলিও সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কটু সমালোচনা কৰে ৰাজীৱ লোচন পেগুক ৷

কংশই যিদৰে নিজৰ পিতৃক পোতাশালত থৈ ৰজা হৈছিল, ঔৰংজেৱে নিজৰ পিতৃক কাৰাগাৰত থৈ ৰজা হৈছিল, ঠিক সেইদৰে মাজুলীৰ মানুহৰ আৱেগ অনুভূতিক ধূলিস্তাত কৰি সৰ্বানন্দ সোণোৱালক উফৰাই ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল । ২০১৬ চনত মাজুলীৰ পৰা বিধায়ক হৈ সৰ্বানন্দ সোণোৱাল হাছিল মুখ্যমন্ত্ৰী । পুনৰ ২০২১ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব বুলি মাজুলীৰ জনতাই বিপুল ভোটত সৰ্বানন্দ সোণোৱাল জয় যুক্ত কৰিছিল, কিন্ত সৰ্বানন্দ মুখ্যমন্ত্ৰী নহ’ল ৷

ৰাজ্যৰ মানুহে সৰ্বানন্দ সোনোৱালক জাতীয় নায়ক পাতিছিল ৷ কিন্তু আজি তেওঁ খলনায়ক ৷ অসমত পুনৰ চিপাহী বিদ্ৰোহ আৰম্ভ হৈছে ৷ এইবুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ।

লগতে তেওঁ কয় যে, ‘‘এই বিদ্ৰোহ হৈছে চৰকাৰ আৰু অসমৰ ৰাইজৰ মাজত । চৰকাৰ যদি এফালে, অসমৰ ৰাইজ আকৌ আনফালে । আমি নিজাকৈ নিৰ্বাচন খেলিম । কেৱল চিম্বলটোহে সলনি হ'ব । তেওঁলোকৰ পৰা নিৰ্বাচন খেলিবলৈ কোনো ধৰণৰ আৰ্থিক সহায় নলও’’ ।

আৰু তেওঁ কয় যে, মাজুলীৰ উপ-নিৰ্বাচন (Majuli LAC by-election) পৰিচালনা কৰিবলৈ চাৰিজনকৈ পৰ্যবেক্ষক নিয়োগ কৰা হ'ব । তেওঁলোক হ'ল তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, প্ৰাক্তন বিধায়ক এতোৱা মুণ্ডা, বসন্ত দাস, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ভৰত নৰহ । অপূৰ্ব ভট্ৰাচাৰ্যৰ নেতৃত্বত চাৰিজনে নেতৃত্ব দিব নিৰ্বাচনত । লগতে সভাপতি ভূপেন বৰাই ৰাইজৰ স্বাৰ্থত এইবাৰ নিৰ্বাচনত AJP ৰ লুৰিণ জ্যোতি গগৈক সহায় কৰিব বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : Majuli by-election : মাজুলী উপনির্বাচনৰ অধিসূচনা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.