নিউজ ডেস্ক, 13 অক্টোবৰ: তেজস্বিতা বৰুৱাৰ মৃত্যুৰ 9 দিন হ’ল ৷ কিশোৰী কণ্ঠশিল্পীগৰাকীৰ মৃত্যুক লৈ বহুতেই বহু ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ এই প্ৰতিক্ৰিয়া সমূহৰ হেঁচাত যেন হেৰাই যাবলৈ ধৰিছে এক ভয়াৱহ সত্য, যি সত্যৰ বস্তুনিষ্ঠ আলোচনাই প্ৰতিভাৱান কিশোৰ-কিশোৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক এক গুৰুত্বপূৰ্ণ পথৰ সন্ধান দিব পাৰে (Tejaswita Baruah death in majuli) ৷
গীতৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল তেজস্বিতাই ৷ কিন্তু সেই জনপ্ৰিয়তাও যেন কোনোবাখিনিত জগৰীয়া হৈ পৰিছে তেজস্বিতাৰ মৃত্যুত (Majuli Child artist Tejaswita Baruah death) ৷ এগৰাকী মানুহ যিমানেই জনপ্ৰিয় হয়, সেই নিৰ্দিষ্ট ক্ষেত্ৰখনত তেওঁ সিমানেই অধিক সময় দিব লগীয়া হয় ৷ অসমৰ সংগীত জগতৰ অন্যতম শিল্পী জুবিন গাৰ্গৰ কথাই ভাবকচোন ৷ শ্ৰোতা-দৰ্শকে বিচাৰে বাবেই দিন-ৰাতি বিচাৰ নকৰাকৈ তেওঁ ব্যস্ত থাকিব লগীয়া হয় অনুৰাগীক মনোৰঞ্জন যোগান ধৰাত ৷ যাৰ ফলত মাজে মাজে তেওঁ অসুস্থতাত ভোগা দেখা যায় ৷
নিজৰ কণ্ঠ আৰু সুন্দৰ গায়ন শৈলীৰে শ্ৰোতা-দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল কিশোৰী তেজস্বিতাও ৷ যাৰ বাবে অবিৰতভাৱে তেওঁ ইটোৰ পিচত সিটোকৈ গীত আগবঢ়াই জনপ্ৰিয়তাৰ ধাৰা অটুট ৰখাৰ চেষ্টা চলাব লগীয়া হৈছিল ৷ তেজস্বিতাৰ পিতৃ-মাতৃয়েও জীয়াৰীৰ সাফল্যত মোহাচন্ন হৈ ই কেতিয়াবা হিতেও বিপৰীত হ’ব পাৰে বুলি ভবা নাছিল ৷ এজনী 14 বছৰীয়া কিশোৰীয়ে পঢ়া-শুনাৰ উপৰিও সংগীত সাধনাৰ দৰে কঠোৰ পৰিশ্ৰম সমানে কৰাতো নিশ্চয় সহজ নহয় ৷ স্বাভাৱিকতেই শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিষয়টো কম গুৰুত্বপূৰ্ণ হৈছিল তেজস্বিতা আৰু তেওঁৰ অভিভাৱকৰ বাবে ৷
সামাজিক মাধ্যমত অধ্যাপক ড৹ অখিল ৰঞ্জন দত্তই এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এনেদৰে, ‘‘এতিয়া গণ মাধ্যমৰ এনে বতাহ বলিছে যে, সম্ভাৱনা থকা যিকোনো কিশোৰ-কিশোৰীক নিশাটোৰ ভিতৰতে প্ৰখ্যাত কৰি তুলিব পাৰে ৷ গীত মাত পৰিবেশন কৰা সকলৰ ক্ষেত্ৰত এই কথা অধিকভাৱে প্ৰযোজ্য ৷ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ বেলিকা ই আৰু ভয়াৱহ’’ ৷
তেওঁ লগতে কয়, ‘‘ অসমৰ বহু ল’ৰা ছোৱালীয়ে দেশ বিদেশৰ বিভিন্ন আগশাৰীৰ বিশ্ববিদ্যালয়ত অতি উচ্চমানৰ গৱেষণা কৰি আছে ৷ তেওঁলোকৰ গৱেষণাই আন্তৰ্জাতিক স্বীকৃতিও লাভ কৰিছে ৷ সেইবোৰক লৈ আমাৰ গণমাধ্যমৰ বিশেষ আগ্ৰহ নাই ৷ তাৰ কাৰণ আমি জানো ৷ কাৰণ এনেবোৰ বিষয়ৰ গণ আগ্ৰহ কম আৰু সেইবাবে TRP ও নাই ৷ কিন্তু কোনোবা কিশোৰ কিশোৰীৰ যদি কণ্ঠ আৰু পৰিবেশন শৈলী ভাল আৰু তাত গণ আবেদন আছে তেওঁলোকক গণ মাধ্যমে ইমানেই গুৰুত্ব দিয়া আৰম্ভ কৰে যে কম বয়সতে তেওঁলোকে শিল্পীৰ মৰ্যাদা লাভ কৰে ৷ তেনে কিশোৰ কিশোৰীৰ ওপৰত গণ মাধ্যম আৰু সমাজৰ হেঁচা বাঢ়িবলৈ ধৰে ৷ দিন-ৰাতি একাকাৰ কৰি তেওঁলোক ব্যস্ত হৈ পৰে গণ মনোৰঞ্জন সৃষ্টিত ৷ নিজৰ সাধনাত বাধা অহাৰ উপৰিও তেওঁলোকৰ পঢ়া-শুনা আৰু স্বাস্থ্যৰ কথা তল পৰি যায়’’ ৷
‘‘কিশোৰ কিশোৰীৰ মাজত যিহেতু প্ৰৱল উছাহ থাকে গতিকে তেওঁলোকেও নিজৰ স্বাস্থ্যৰ কথা পাহৰি যায় ৷ অভিভাৱকৰো তেনে সন্তানৰ ওপৰত নিয়ন্ত্ৰণ হেৰাই যায় ৷ এনে বহু কিশোৰ কিশোৰী যিহেতু নিম্ন মধ্যবিত্ত অথবা মধ্যবিত্ত পৰিয়ালৰ গতিকে হঠাৎ কিবা স্বাস্থ্যজনিত প্ৰত্যাহ্বান আহি পৰিলে তাক সঠিকভাৱে মোকাবিলাও কৰিব নোৱাৰে ৷ পঁয়ালগা ৰাজহুৱা চিকিৎসা ব্যৱস্থাই কিবা সহায় কৰিব বুলিও ভাৱিব নোৱাৰি ৷
সেয়েহে সম্ভাৱনা থকা কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত অভিভাৱক, চৌপাশৰ সমাজ আৰু গণমাধ্যম অধিক সজাগ আৰু দ্বায়িত্বশীল হ’ব লাগে ৷ এবাৰ হেৰালে জীৱন তাক দুনাই ঘুৰাই নাপায় ৷ বৃহত্তৰ সমাজে তাক লৈ হা-হুমুনিয়াহ কাঢ়িব পাৰে ৷ কিন্ত সেয়া সাময়িক ৷ সন্তান হেৰুওৱাৰ বেদনা আজীৱন লৈ ফুৰিব লাগিব পিতৃ-মাতৃয়ে’’ এইদৰে কয় ড৹ অখিল ৰঞ্জন দত্তই ৷
একেদৰে, সাংবাদিক বিশ্বজিৎ নাথেও সামাজিক মাধ্যযোগে মত প্ৰকাশ কৰি একে দিশকেই আঙুলিয়াই দিছে ৷ লক্ষণীয়ভাৱে বহু সময়ত একোটা অদৰকাৰী বিষয় লৈ সামাজিক মাধ্যমত তাল-ফাল লগোৱা তথাকথিত সমাজ সচেতন ব্যক্তিসকলে এনে এক গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ পৰা আঁতৰি থকা কথাটোৱে প্ৰতিপন্ন কৰিছে- হয় আমি বিষয়বস্তুৰ শিপা বিচাৰিব নাজানো, নহ‘লে গুৰুত্বপূৰ্ণ বিষয় এটাক আবেগিক আৰু টুলুঙা যুক্তিৰে প্ৰকৃত আলোচনাৰ পৰা আঁতৰাই পঠিয়াও ৷
লগতে পঢ়ক: Tejaswita Baruah death: তেজস্বিতাৰ মৃত্যুৰ ৰাজহুৱা সাক্ষ্য দিবলৈ নোলাল এজনো ব্যক্তি