ETV Bharat / state

পথাৰত নাঙল লৈ খেতিত ব্যস্ত এগৰাকী ছাত্ৰী

আহাৰ মাহ মানে শালিখেতিৰ বতৰ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে মাজুলীৰ পথাৰতো ব্যস্ত কৃষকসকল ৷ কিন্তু তাৰমাজতে এগৰাকী কিশোৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ কি কাৰণে কিশোৰীগৰাকী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চাওক এই প্ৰতিবেদনত ৷

The environment of flood ravaged Majuli is now conducive to agriculture assam etv bharat news

author img

By

Published : Jul 1, 2021, 7:11 PM IST

মাজুলী,1 জুলাই : বান বিধ্বস্ত মাজুলীৰ পৰিৱেশ এতিয়া কৃষিৰ বাবে অনুকূল ৷ এতিয়ালৈকে মাজুলীত নাই বানৰ প্ৰকোপ ৷ সেউজীয়া সপোন ৰচাত ব্যস্ত মাজুলীৰ কৃষক ৷

আহাৰমহীয়া মাজুলীবাসী পথাৰত ভূঁই ৰোৱা, কঠিয়া পৰা, তোলা আদিত ব্যস্ত ৷ কিয়নো এতিয়া শালিখেতিৰ বতৰ ৷ এগৰাকী কিশোৰীয়ে দৃষ্টি কাঢ়িছে সকলোৰে ৷

মাজুলীৰ চামগুৰি বণিয়া গাঁৱৰ কিশোৰী গৰাকীৰ নাম ৰিম্পী ভৰালী ৷ পিতৃ দাদু ভড়ালী কৰ্মসূত্ৰে থাকে হায়দৰাবাদত ৷ মাতৃ কুনকোণী ভৰালীক সকলো সময়তে সহায় কৰে ৰিম্পীয়ে ।

The environment of flood ravaged Majuli is now conducive to agriculture assam etv bharat news
ৰিম্পীৰ কান্ধত পৰিয়ালৰ দায়িত্ব

কঠিয়া তোলা, ভূঁই ৰোৱা আদি সকলোতে পাৰ্গত কিশোৰীগৰাকী ৷ পথাৰত ৰিম্পীক সহায় কৰে মোমায়েকে ৷ মাজুলীৰ মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়নৰত ৰিম্পী এগৰাকী মেধাৱী ছাত্ৰী ৷

পঢ়াৰ সমান্তৰালকৈ ঘৰ আৰু পথাৰৰ কাম কৰে ছাত্ৰীগৰাকীয়ে ৷ কিশোৰীগৰাকীৰ এনে কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে ৷ লক ডাউনে বহু মানুহৰ জীৱন শৈলী সলনি কৰাৰ লেখীয়াকৈ সলনি কৰিছে দৈনন্দিন জীৱনপঞ্জী ৷

পথাৰত কি কৰিছে মাজুলীৰ ৰিম্পীয়ে ?

যাৰ বাবে বহুলোকৰ মাজত গঢ়ি উঠিছে কিছু ভাল অভ্যাস ৷ তাৰে মাজৰে ৰিম্পীও এজনী ৷ সম্প্ৰতি ৰাজ্যৰ বিদ্যালয়সমূহ কৰ’ণাৰ বাবে বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত ৰিম্পীয়ে পঢ়াশুনাৰ উপৰিও আন আন কামবোৰৰ মাজেৰে পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে ৷ কিশোৰীগৰাকীৰ এই কামে আন দহজনকো অনুপ্ৰাণিত কৰাৰ থল আছে ৷

লগতে চাওকঃ অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.