ETV Bharat / state

কোলাত কেঁচুৱা লৈ বিদ্যালয়ত পাঠদান শিক্ষয়িত্ৰীৰ

চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে দাঙি ধৰিছে কৰ্মসংস্কৃতিৰ নিদৰ্শন (Government School in Majuli) । মাজুলীৰ এখন প্ৰাথমিক বিদ্যালয় এতিয়া চৰ্চাত । বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কোলাত সন্তান লৈ দি গৈছে পাঠদান (Majuli lady teacher)।

author img

By

Published : Sep 14, 2022, 6:57 PM IST

teacher in majuli with baby in her lap
কোলাত কেঁচুৱা লৈ বিদ্যালয়ত পাঠদান শিক্ষয়িত্ৰীৰ

মাজুলী, 14 ছেপ্টেম্বৰ : কোলাত নিজ সন্তান লৈ শিক্ষাদান কৰিছে এগৰাকী শিক্ষয়িত্ৰীয়ে । মাজুলীৰ এখন বিদ্যালয়ত নিজৰ কৰ্মৰ লগতে পালন কৰি গৈছে শিক্ষয়িত্ৰীগৰাকীয়ে নিজ সন্তানৰ প্ৰতি থকা দায়িত্ব । মাজুলীৰ এই শিক্ষয়িত্ৰীগৰাকী বহুতৰে বাবে হৈ পৰিছে আদৰ্শ ।

যি সময়ত একাংশ চৰকাৰী কৰ্মচাৰীয়ে নিজৰ দায়িত্ব সম্পাদন কৰাত গাফিলতি কৰা পৰিলক্ষিত হয়, বহু সময়ত চৰকাৰী বিদ্যালয়ৰ শিক্ষক পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হয় সেই সময়তে মাজুলীৰ ২নং কমলাবাৰী প্ৰাথমিক বিদ্যালয়ৰ এইগৰাকী শিক্ষয়ত্ৰীয়ে তুলি ধৰিছে কৰ্ম সংস্কৃতিৰ এক সুন্দৰ নিৰ্দশন (Government School in Majuli) ৷ এবছৰীয়া কন্যা শিশুটিক কোলাত লৈ নিতৌ বিদ্যালয়লৈ আহে শিক্ষয়িত্ৰীগৰাকী (Teacher teaches at school with baby in her arms) ৷

প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষয়িত্ৰী পল্লৱী হাজৰিকাই বিদ্যালয়খনতেই ডাঙৰ কৰিছে দুটিকৈ সন্তান ৷ প্ৰথম ল'ৰা সন্তানটি বৰ্তমান প্ৰথম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ বিপৰিতে এবছৰীয়া কন্যা সন্তানটিক কাৰ্য্যলয়ৰ শিশুৰ উমলা বিছনাত শোৱাই ছাত্ৰছাত্ৰীক দি আহিছে পাঠদান ৷ বিদ্যালয়ত থকা আটাইকেইগৰাকী শিক্ষয়িত্ৰীয়েই এতিয়া এই শিশুটিৰ যত্ন লয় ৷

ঘৰত থকাতকৈ সন্তানসহ বিদ্যালয়ত থাকিহে অধিক সুখী বুলি জনাই শিক্ষয়িত্ৰী পল্লৱী হাজৰিকাই । কণমানি অৰুচিৰ ছমাহ বয়সৰ পৰাই এনেদৰে বিদ্যালয়ত পাঠদান কৰি আহিছে শিক্ষয়িত্ৰী গৰাকীয়ে । চৰকাৰী বিদ্যালয়ৰ প্ৰতি সহজতে অহা অভিযোগৰ বিপৰীত ছবি দেখা গল এই বিদ্যালয়খনত ।

লগতে পঢ়ক: বিধানসভাৰ অধিৱেশনৰ পৰা বিধায়ক অখিল গগৈক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.