ETV Bharat / state

মাজুলীত নিষিদ্ধ হ'ল গাহৰি মাংস বিক্ৰী

author img

By

Published : Apr 29, 2020, 11:48 PM IST

মাজুলীত ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ । মাজুলীত ছোৱাইন ফ্লু সদৃশ ৰোগত গাহৰিৰ মৃত্যু ঘটাৰ বাতৰি ইটিভি ভাৰতত প্ৰকাশৰ পাচতে জিলাখনত প্ৰশাসনে নিষিদ্ধ কৰিছে গাহৰি মাংস বিক্ৰী । লগতে একেটা আদেশতে জিলা দণ্ডাধীশ শ্ৰীকৈৰীয়ে মাজুলী জিলাত নদ-নদী, খাল-বিল বা মুকলি ঠাইত মৃত গাহৰি পেলোৱাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰে ।

মাজুলী
মাজুলীত নিষিদ্ধ হ'ল গাহৰি মাংস বিক্ৰী

মাজুলী, ২৯ এপ্ৰিলঃ মাজুলীত ছোৱাইন ফ্লু সদৃশ ৰোগত গাহৰিৰ মৃত্যু ঘটাৰ বাতৰি ইটিভি ভাৰতত প্ৰকাশ পোৱাৰ পাছতে জিলা উপায়ুক্তই তাৎক্ষণিকভাৱে মাজুলীত নিষিদ্ধ ঘোষণা কৰিছে গাহৰি মাংস । শেহতীয়াকৈ জিলাখনত ছোৱাইন ফ্লু সদৃশ ৰোগত গাহৰিৰ মৃত্যু ঘটাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ জিলা দণ্ডাধীশ শ্ৰীবিক্ৰম কৈৰীয়ে জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নদীদ্বীপটোত গাহৰি মাংস কটা, বিক্ৰী কৰা আৰু খোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে ।

মাজুলী
মাজুলীত নিষিদ্ধ হ'ল গাহৰি মাংস বিক্ৰী

এই সন্দৰ্ভত জিলা দণ্ডাধীশ গৰাকীয়ে ২৮ এপ্ৰিল, ২০২০ ত এক আদেশ জাৰি কৰে । একেটা আদেশতে জিলা দণ্ডাধীশ শ্ৰীকৈৰীয়ে মাজুলী জিলাত নদ-নদী, খাল-বিল বা মুকলি ঠাইত মৃত গাহৰি পেলোৱাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে । এতিয়াৰে পৰা জিলাখনৰ কোনো লোকৰ ঘৰত বা গাহৰি ফাৰ্মত গাহৰিৰ মৃত্যু হ'লে ছয় ফুট দ গাঁত খান্দি এনে মৃত গাহৰি পুতিব লাগিব । এই নিষেধাজ্ঞা উলংঘাকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনে আইন অনুসৰি কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি আদেশত স্পষ্ট কৰি দিয়ে ।

ইফালে, জিলাখনত গাহৰিৰ ৰোগ সন্দৰ্ভত গাহৰি পালকসকলে জিলা পশুপালন বিভাগৰ পশু চিকিৎসক সকলৰে যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে । ইতিমধ্যে জিলা প্ৰশাসনৰ নিৰ্দেশত বিভাগটোৱে মাজুলীৰ গাঁৱে গাঁৱে গাহৰি পালকসকলৰ ঘৰলৈ গৈ গাহৰিক ছোৱাইন ফ্লুৰ প্ৰতিষেধক প্ৰদানৰ অভিযান অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.