ETV Bharat / state

Majuli road accident: মাজুলীত পথ দুৰ্ঘটনাত আহত ছাত্ৰৰ খবৰ ল'বলৈ আহৰি নাই প্ৰশাসনৰ - Majuli road accident

১৯ মে' মাজুলী বৰগুৰি চাৰিআলিত জিলা উপায়ুক্তৰ কনভয়ে মহতিয়াই নিছিল দুজনকৈ ছাত্ৰক (Accident in Majuli Barguri Chariali)। পিছে গুৰুতৰভাৱে আহত মলয় নাথক পাহৰিলে জিলা প্ৰশাসনে ।

Majuli road accident
মাজুলীত পথ দূৰ্ঘটনাত আহত ছাত্ৰ
author img

By

Published : May 27, 2023, 8:08 PM IST

মাজুলীত পথ দুৰ্ঘটনাত আহত ছাত্ৰৰ খবৰ ল'বলৈ আহৰি নাই প্ৰশাসনৰ

মাজুলী, ২৭ মে: যোৱা ১৯ মে' মাজুলী বৰগুৰি চাৰিআলিত জিলা উপায়ুক্তৰ কনভয়ে মহতিয়াই নিছিল বৰগুৰি যোৰবিল ৰূপজ্যোতি হাইস্কুলৰ দুজনকৈ ছাত্ৰক (Majuli road accident) । তাৰে এজন ছাত্ৰৰ ঘটনাস্থলীতে মৃত্যু ঘটিছিল । ইপিনে, আনজন ছাত্র গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । মলয় নাথ গুৰুতৰভাৱে আহত হোৱাৰ ফলত মাজুলী গড়মূৰ পীতাম্বৰদেৱ অসামৰিক জিলা চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে (Student injured in road accident)।

চিকিৎসা সেৱা চলি থকাৰ মাজতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ চিকিৎসকে ছাত্ৰজন আৰোগ্য হোৱা বুলি কৈ ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে । চিকিৎসালয়ৰ পৰা অহাৰ পিচৰে পৰা বৰ্তমান ছাত্ৰজনৰ অৱস্থা অধিক বেয়ালৈ গতি কৰিছে বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে । পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, ছাত্ৰজনে খাব নোৱাৰে । তেওঁ ভালদৰে বহিব নোৱাৰে । আনকি থিয় হ'বই নোৱাৰে ।

চিকিৎসালয়ৰ পৰা অহাৰ পিচত মাজুলী জিলা প্ৰশাসনে বাতৰি যুগুত কৰাৰ পৰলৈকে খবৰ ল'বলৈ নাহিল । পৰিয়ালৰ লোকৰ উল্লেখ কৰা মতে, দুৰ্ঘটনাৰ দিনা মাজুলী জিলা উপায়ুক্তগৰাকীয়ে কেৱল পৰিস্থিত শাম কাটিবৰ বাবে আৰু শান্তনা দিবৰ বাবেহে কেৱল ঘোষণা কৰিলে ছাত্ৰজন সুস্থ নোহোৱালৈকে চিকিৎসা সেৱা অৱ্যাহত ৰাখিব । প্ৰয়োজন হ'লে অসমৰ বাহিৰলৈ নি হ'লেও চিকিৎসা প্ৰদান কৰিব । সেয়া যে কেৱল ঘোষোণাতেই ৰৈ গ'ল । হাতে-কামে হৈ নুঠিল বুলি পৰিয়ালৰ লোকে ক্ষোভ উজাৰে সংবাদ মাধ্যমৰ আগত ।

দুৰ্ঘটনাত আহত মলয় নাথৰ স্বাস্থ্য অৱনতি ঘটা দেখি চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল । কিয়নো উন্নত চিকিৎসা কৰিবলৈ আৰ্থিকভাৱে সৱল নহয় পৰিয়ালতো । কেৱল দুবেলা-দুসাজ কোনোমতে খাই আছে পৰিয়ালটোৱে । দশম শ্ৰেণীত অধ্যয়ন কৰি থকা পৰিয়ালৰ একমাত্ৰ পুত্ৰ যাতে সোনকালে সুস্থ হৈ উঠে তাৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছে উন্নত চিকিৎসা প্ৰদানৰ বাবে ।

লগতে পঢ়ক:Mega appointment letter distribution : চৰকাৰী চাকৰী লাভ কৰি সুখী ৰাজ্যৰ বহু যুৱক-যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.