ETV Bharat / state

Har Ghar Tiranga : দৰিদ্ৰ লোকৰ মাজত ত্ৰিৰংগা বিতৰণ শিক্ষাৰ্থীৰ

author img

By

Published : Aug 6, 2022, 6:06 PM IST

হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে মাজুলীৰ বনগাঁৱৰ শংকৰদেৱ শিশু নিকেতনৰ ব্যতিক্ৰমী পদক্ষেপ । দৰিদ্ৰ লোকৰ মাজত ১০০০ ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰিব বিদ্যালয়খনে (Student distributes tiranga among poor)। শনিবাৰে এই কাৰ্যসূচী শুভাৰম্ভ ।

Har Ghar Tiranga
দৰিদ্ৰ লোকৰ মাজত ত্ৰিৰংগা বিতৰণ শিক্ষাৰ্থীৰ

মাজুলী,৬ আগষ্ট : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । তাৰ ভিতৰত অন্যতম হৰ ঘৰ তিৰংগা (Har Ghar Tiranga 2022)। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা কাৰ্যসূচীক সফল কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলি আছে । মাজুলীও ব্যতিক্ৰম নহয় ।

মাজুলীত আত্মসহায়ক গোটৰ মহিলাসকলে ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । ইয়াৰ মাজতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীক সফল কৰাৰ উদ্দেশ্যে মাজুলীৰ এখন বিদ্যালয়ে লৈছে আদৰণীয় পদক্ষেপ । বনগাঁওস্থিত শংকৰদেৱ শিশু নিকেতনে ৰাষ্ট্ৰীয় পতাকা বিতৰণৰ এক কাৰ্যসূচী হাতত লৈছে । যি সকল দৰিদ্ৰ লোকে ত্ৰিৰংগা পতাকা ক্ৰয় কৰিব নোৱাৰে সেইলোক সকলৰ মাজত এক হাজাৰ ত্ৰিৰংগা পতাকা বিতৰণ কৰাৰ কাৰ্যসূচী লৈছে বিদ্যালয়খনে ।

এই কাৰ্যসূচীৰ শনিবাৰে আৰম্ভ হয় আৰু ১২ আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকা বিতৰণৰ কাৰ্যসূচী চলিব । আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এক চাইকেল ৰেলীৰো আয়োজন কৰে (Cycle rally at Majuli)। মাজুলীৰ বিধায়ক ভুৱন গামে এই চাইকেল ৰেলী উদ্বোধন কৰে । প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাইকেলত একোখনকৈ ত্ৰিৰংগা পতাকা লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে ।

লগতে পঢ়ক :Felicitation of Taekwondo Player: আমগুৰিত টাইকোৱাণ্ডো খেলুৱৈক বিশেষ সম্বৰ্ধনা জ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.