ETV Bharat / state

Rangali Bihu 2023: দলনি পথাৰত ৰহেদৈ পেঁপাৰ কিৰিলী

author img

By

Published : Apr 12, 2023, 1:44 PM IST

আদৰৰ ৰঙালী চোতাল পালেহি । কাইলৈ উৰুকা । উখল-মাখল অসমীয়াৰ মন । ঢোলে-দগৰে আদৰিবলৈ সাজু হৈছে হেঁপাহৰ বিহুটিক । ইয়াৰ মাজতে মাজুলীৰ দলনি পথাৰত দেখা গ'ল এখন নিভাজ ছবি । ম'হৰ পিঠিত উঠি ম'হৰ শিঙৰ পেঁপা বজাই আদৰিলে ৰঙালীক (Sitting in the buffalo man played pepa in Majuli) ।

Sitting in the buffalo man played pepa in Majuli
ম'হৰ পিঠিত উঠি ম'হৰ শিঙৰ পেঁপা বজাই আদৰিলে ৰঙালীক

মাজুলী,১২ এপ্ৰিল: পেঁপাটি পেঁপাটি

ৰহেদৈ পেঁপাটি

কলিদৈ ম'হৰে শিং

বজালে বজাবি ভালেকৈ বজাবি

বগীকৈ এজনী চাই ।

চাওঁতে চাওঁতে চোতালত হেঁপাহৰ ব'হাগ (Rangali Bihu 2023) । উগুল-থুগুল চহা অসমীয়াৰ মন । বাটে পোৱালি দিয়াৰ সময়ত প্ৰাণৰ ৰঙালীক আদৰাত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া (Bihu Preparation in Assam) । কাইলৈ উৰুকা । চৌদিশ মুখৰিত হৈছে ঢোল-পেঁপাৰ শব্দত । দুহাতত জেতুকা, শালত গামোছা । ঢেঁকীশালতো উখল-মাখল পৰিৱেশ । মুঠতে ব্যস্ততাৰ অন্ত নাই । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে সত্ৰনগৰী মাজুলীতো বিৰাজ কৰিছে বিহু বিহু লগা এক পৰিৱেশ (Rangali Bihu Preparation in Assam) ।

ইয়াৰ মাজতে মাজুলীত দেখা গ'ল চহা গ্ৰাম্য জন-জীৱনৰ এখন চিনাকি ছবি । আধুনিকতা পৰশত আমাৰ কিছু পৰম্পৰা ক্ৰমাৎ নাইকিয়া হৈ আহিছে । মাজুলী এলেংমাৰী দলনী পথাৰত এটি দৃশ্য দেখিলে মন ভৰিব আপোনাৰো । ম'হৰ পিঠিত উঠি ম'হ চৰায় থাকোতে এজন ম'হ গোৱালে পেঁপা বজাই আদৰিছে হেঁপাহৰ ব'হাগক (Sitting in the buffalo man played pepa in Majuli) । নৰসিংহ গাঁৱৰ দীনেশ চন্দ্ৰ শইকীয়াই ক্ৰমাৎ হেৰাই যাব খোজা পৰম্পৰা নিজৰ কৰ্ম সম্পাদনৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।

সততে দেখিবলৈ নোপোৱা এই দৃশ্য অতিকৈ বিৰল । দলনি পথাৰত নিজৰ ম'হ কেইটাৰ লগত সময় পৰা কৰিছে গুৱালজনে । গাঁৱৰ আন আন ডেকা ল’ৰাই বিহুৰ সময়ত ঘৰে ঘৰে বিহু মাৰে কিন্তু দীনেশ শইকীয়াই নিজৰ পেটৰ তাড়নাত ম'হ কেইটাৰ লগত এনেদৰে ব্যস্ত হৈ থাকে । বিহু বলিয়া গোৱালজনে তেঁও লগৰীয়াৰ লগত বিহু মাৰিবলৈ নাপালেও ম'হ চৰাবলৈ যাওঁতে হাতত এটা ছাতি, টোকন এডালৰ লগতে লৈ গৈছে মৰমৰ ম'হৰ শিঙৰ পেঁপাটি ।

ম'হ চৰায় থাকোতে মাজে মাজে বজাইছে পেঁপা । এইদৰে ম'হৰ পিঠিত উঠি পেঁপা বজোৱা পৰিৱেশ নাইকীয়া হৈ আহিছে অসমীয়া সমাজ জীৱনৰ পৰা । অসমীয়াৰ হিয়াৰ আমঠু ব'হাগৰ বিহুত ম'হ চৰায় থাকোতে এইদৰে পেঁপা বজাই থকা দৃশ্য সঁচাকৈয়ে আপুৰুগীয়া ।

লগতে পঢ়ক: Buffalo syndicate in Assam: ৰাজ্যত অব্যাহত পশুধনৰ চোৰাং বেহা; ৰে'লৰ দবাত উদ্ধাৰ ম'হ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.