মাজুলী, 16 মাৰ্চ : হৰি দাস বনিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন সংস্থাৰ উদ্যোগত মঙলবাৰৰ পৰা সত্ৰনগৰী মাজুলীত আৰম্ভ হৈছে সত্ৰীয়া নৃত্যৰ কৰ্মশালা(Sattriya dance workshop) । মাজুলীৰ পশ্চিম চামগুৰি সত্ৰৰ সমীপত আৰম্ভ হৈছে এই সত্ৰীয়া নৃত্যৰ কৰ্মশালা । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ(Mahapurush Srimanta Sankardeva) সৃষ্টিৰাজিক নৱ-প্ৰজন্মৰ আগত চিনাকী কৰাই দিয়াৰ লগতে সত্ৰীয়া নৃত্যৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰাৰ বাবে আয়োজন কৰা হয় এই কৰ্মশালাৰ ৷
মঙলবাৰে উক্ত কৰ্মশালাখন উদ্ধোধন কৰে পশ্চিম চামগুৰি সত্ৰৰ সত্ৰাধিকাৰে । কৰ্মশালাখন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো স্তৰৰ ৰাইজ সহায় সহযোগিতাৰ আহ্বান জনাইছে হৰি দাস বনিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন সংস্থাই । এই সংস্থাটোৱে বিগত সময়ছোৱাত আৰ্তজনৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াই আহিছে ।
লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীৰ লগতে বুষ্টাৰ ড’জ প্ৰদানৰ কাৰ্যসূচী