ETV Bharat / state

মাজুলীত সত্ৰাধিকাৰৰ অভিনৱ প্ৰতিবাদ - মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা

এইবাৰ প্ৰতিবাদত বহিল মাজুলীৰ সত্ৰাধিকাৰ ৷ মাজুলীত গীৰ্জা উচ্ছেদ, সত্ৰাধিকাৰৰ ধৰ্মান্তকৰণ ৰোধ আৰু মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ দাবীত ভাগৱত পাঠ কৰি ৰূপায়ন কৰা হয় এক আধ্যাত্মিক প্ৰতিবাদ ৷

মাজুলীত সত্ৰাধিকাৰৰ অভিনব প্ৰতিবাদ
মাজুলীত সত্ৰাধিকাৰৰ অভিনব প্ৰতিবাদ
author img

By

Published : Dec 21, 2021, 11:00 PM IST

মাজুলী, 21 ডিচেম্বৰ: একাধিক দাবীত সত্ৰনগৰীত এইবাৰ প্ৰতিবাদত বহিল সত্ৰাধিকাৰ (Satradhikars protest in Majuli) ৷ মঙলবাৰে বিশ্ব হিন্দু মহাসংঘৰ উদ্যোগত মাজুলী জিলা সদৰ গড়মূৰত ৰূপায়ণ কৰা হয় এক আধ্যাত্মিক প্ৰতিবাদী কাৰ্যসূচী ।

মাজুলীত সাংস্কৃতিক দৃশ্যপট আইনৰ জড়িয়তে গীৰ্জা উচ্ছেদ, সত্ৰাধিকাৰৰ ধৰ্মান্তকৰণ ৰোধ আৰু মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ দাবীত ভাগৱত পাঠ কৰি ৰূপায়ন কৰা হয় এই অভিনৱ প্ৰতিবাদ ৷ দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগতে বিশ্ব হিন্দু মহাসংঘৰ কর্মীসকলে আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই আধ্যাত্মিক প্ৰতিবাদৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ যোগেদি এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ।

মাজুলীত সত্ৰাধিকাৰৰ অভিনব প্ৰতিবাদ

আনহাতে মাজুলীত স্থাপন হোৱা গীৰ্জা সমূহকলৈ সৰৱ হৈ পৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী । যি সময়ত মাজুলীৰ কৃষকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেই সময়ত কেনেদৰে এই গীৰ্জাসমূহে মাটিৰ পট্টা লাভ কৰিলে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰাৰ লগতে মাজুলীত বৰ্তমান থকা ৬৫ টা গীৰ্জা উচ্চেদ কৰিবলৈ আহ্বান জনায় ।

যদি এই বিষয়ে চৰকাৰে শীঘ্ৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়া হ'লে পৰৱৰ্তী সময়ত মাজুলীবাসীৰ সহযোগত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনায় সত্ৰাধিকাৰগৰাকীয়ে ।

লগতে পঢ়ক: পত্নীৰ কোম্পানীৰ ভূমি কেলেংকাৰী, অস্বস্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.