ETV Bharat / state

সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ বিয়োগ

author img

By

Published : Aug 11, 2020, 12:46 PM IST

মহাপ্ৰয়াণ ঘটিল মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ ৷ সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ ৷

Satradhikar Narayan Goswami died
সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ বিয়োগ

নিউজ ডেস্ক, 11 আগষ্ট : বৈষ্ণৱ পণ্ডিত, সত্ৰীয়া সংস্কৃতিৰ সাধক তথা মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মঙলবাৰে মহাপ্ৰয়াণ ঘটে ৷ উল্লেখযোগ্য যে, একেধাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা, শংকৰদেৱ শিল্প সাধনা বঁটা, চন্দ্ৰ কান্ত হীৰা প্ৰভা বঁটা, মাখন প্ৰসাদ দুৱৰা বঁটা, জীৱনজোৰা সাধনা বঁটা, গুৰু শংকৰ মাধৱ বঁটা, কৃষ্ণ নন্দন দুৱৰা বঁটা, সত্ৰৰত্ন, সংস্কৃতি ভূষন আদি কুৰিৰো অধিক বঁটা লাভ কৰিছিল সত্ৰাধিকাৰগৰাকীয়ে ৷

সাহিত্যিক পেঞ্চন লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ মুকুটা শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ বাতৰিত ম্ৰিয়মান হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ ।

লগতে পঢ়ক : খুমটাই ক'ভিড চিকিৎসালয়ত ৰোগীৰ বিহু নৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.