ETV Bharat / state

শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ বৰবায়নৰ মৃত্যু - Dakshinpat Satra

শিল্পী পেঞ্চনাৰ দক্ষিণপাট সত্ৰৰ(Dakshinpat Satra)জ্যেষ্ঠ বৈষ্ণৱ সাগৰ বৰবায়নৰ মৃত্যু । দক্ষিণপাট সত্ৰৰ প্ৰায়বোৰ কাম কাজত আগভাগ লৈ আহিছিল জেষ্ঠ বৈষ্ণৱগৰাকীয়ে।

(Dakshinpat Satra
শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ বৰবায়নৰ মৃত্যু
author img

By

Published : Aug 17, 2022, 7:14 PM IST

মাজুলী, ১৭ আগষ্ট:ঐতিহাসিক দক্ষিণপাট সত্ৰৰ(Dakshinpat Satra)জ্যেষ্ঠ বৈষ্ণৱ সাগৰ বৰবায়নৰ বুধবাৰে মৃত্যু হয়(Vaishnava Sagar Barbayan passes away)। মাজুলীৰ দক্ষিণপাট কলিতা গাঁৱত জন্ম গ্ৰহণ কৰা জেষ্ঠ বৈষ্ণৱ গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৩ বছৰ । দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল বৈষ্ণৱগৰাকী । সৰুৰে পৰাই তেওঁ সত্ৰীয়া সংস্কৃতিৰে জড়িত আছিল । এইগৰাকী বৈষ্ণৱে ৬ বছৰ বয়সৰ পৰাই সত্ৰখনৰ সৈতে জড়িত হৈ পৰে । অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা জ্যেষ্ঠ বৈষ্ণৱগৰাকীৰ মৃত্যত ঐতিহাসিক সত্ৰখনত শোকৰ ছাঁ পৰিছে ।

উল্লেখ্য় যে দক্ষিণপাট সত্ৰৰ প্ৰায়বোৰ কাম-কাজত আগভাগ লৈ আহিছিল জেষ্ঠ বৈষ্ণৱগৰাকীয়ে।

দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ হিচাপে আখ্য়া দিয়া হয় । এইখন সত্ৰত শিষ্যৰ সংখ্যা আটাইকেইখন ৰাজসত্ৰৰ ভিতৰত বেছি । আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা সত্ৰখনৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ । বিভিন্ন কাৰণত এই সত্ৰখন কেইবাবাৰো স্থানান্তৰ কৰিব লগা হৈছে। মূল সত্ৰখন মাজুলীত অৱস্থিত । এই সত্ৰখনৰে জ্যেষ্ঠ বৈষ্ণৱ আছিল সাগৰ বৰবায়ন। বৰ্তমান ইয়াৰ এখন শাখাসত্ৰ যোৰহাট জিলাৰ টীয়কৰ চটাইত স্থাপন কৰা হৈছে ৷

লগতে পঢ়ক:মাজুলীত শিশু অপহৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষত অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.