ETV Bharat / state

ধোঁৱাচাঙত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি: ৰাস্তা নিৰ্মাণ কৰেহে কৰে বোকা কিন্তু হৈয়েই থাকে - ৰাইজে নখ জোকাৰিলে নৈ বয়

মাজুলীত হাতে-হাতে কোৰ লৈ পথ মেৰামতি কৰিবলৈ ওলাই আহিল গাওঁবাসী ৷ উজনি মাজুলীৰ চিৰাম পঞ্চায়তৰ বেচামৰাত কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ মাধ্যম মূলপথটো দীৰ্ঘদিন ধৰি বিধ্বস্ত ৰূপত থকাত (Poor road condition in Majuli) এই পদক্ষেপ গ্ৰহণ কৰে গাঁওবাসীয়ে ৷

ধোঁৱাচাঙত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি: ৰাস্তা নিৰ্মাণ কৰেহে কৰে কিন্তু বোকাই হৈয়েই থাকে

author img

By

Published : Jun 20, 2022, 1:52 PM IST

মাজুলী, 20 জুন : কুম্ভকৰ্ণ নিদ্ৰাত জনপ্ৰতিনিধি ৷ ৰাইজে নখ জোকাৰিলে নৈ বয়, এই আপ্তবাক্য শাৰীকে সৰোগত কৰি মাজুলীত একাংশ ৰাইজে হাতে হাতে কোৰ লৈ নিজেই ওলাই আহিল পথ মেৰামতি কৰিবলৈ (Road repair in Majuli) ৷

উজনি মাজুলীৰ চিৰাম পঞ্চায়তৰ বেচামৰাত কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ মাধ্যম মূলপথটো দীৰ্ঘদিন ধৰি বিধ্বস্ত ৰূপ লৈছে (Poor road condition in Majuli) ৷ এজাক বৰষুণতেই আঠুলৈ বোকাময় হয় পথটো ৷ কিন্তু এই পথটো আজিও চকুত নপৰিল পঞ্চায়ত প্ৰতিনিধি অথবা লোক নিৰ্মাণ পথ বিভাগৰ ৷

ধোঁৱাচাঙত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি: ৰাস্তা নিৰ্মাণ কৰেহে কৰে কিন্তু বোকাই হৈয়েই থাকে

ফলত যাতায়তৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ লোকসকলে ৷ যি সময়ত উন্নয়নৰ ঢাক ঢোল বাজাইছে চৰকাৰ প্ৰশাসনে সেই সময়তে এনেদৰে ৰাইজে নিজেই পথ নিৰ্মাণ কৰিবলগীয়া হোৱা ঘইনাই উন্মোচন কৰিছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷

স্থানীয় ৰাইজে সংবাদমাধ্যমৰ আগত ক্ষোভ উজাৰি কয় যে প্ৰতিবছৰে ৰাস্তা নিৰ্মাণ কৰেহে কৰে, কিন্তু বোকা হৈয়েই থাকে ৷ ক্ষোভিত ৰাইজে অতি সোনকালে এই পথটো নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় চৰকাৰক ৷

লগতে পঢ়ক :মিছামাৰীত বেলশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিলে পকীপথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.