ETV Bharat / state

Majuli SI: ধন দাবীৰ অভিযোগত মাজুলীৰ উপ-পৰিদৰ্শকক ৰিজাৰ্ভ ক্ল’জ - উপ পৰিদৰ্শক দ্বীপজ্যোতি কাকতি

মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল’জ ৷ উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল ধন দাবীৰ অভিযোগ ৷

Reserve close to IC deepjyoti kakoti
উপ পৰিদৰ্শক দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল'জ
author img

By

Published : Jun 14, 2023, 9:20 AM IST

Updated : Jun 14, 2023, 10:57 AM IST

মাজুলী, 14 জুন : ধন লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্ল'জ কৰা হ’ল এগৰাকী আৰক্ষীৰ ৷ মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে উত্থাপন হৈছে ধন দাবীৰ অভিযোগ ৷ উল্লেখ্য যে, নামনি মাজুলীৰ বাঘৰগাঁওত গৰু চোৰৰ সন্দেহত মেৰুৱাবাৰীৰ দীব্যজ্যোতি নাথ নামৰ এজন যুৱকক একাংশ লোকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল । যুৱকজনক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিছিল বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিয়ে ৷ ইয়াৰ পিচতেই যুৱকজনক বালিচাপৰি আৰক্ষী চকীলৈ লৈ আনে বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিয়ে ।

যুৱকজনক আৰক্ষী চকীলৈ উদ্ধাৰ কৰি অনাৰ পাছত তেওঁক মুকলি কৰি দিয়াৰ বাবদ মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিয়ে যুৱকজনৰ পিতৃৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দীব্যজ্যোতিৰ পৰিয়ালে উপ পৰিদৰ্শকগৰাকীয়ে 2500 টকা লোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে ।

ইয়াৰ পিচতেই উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে দীব্যজ্যোতিৰ পৰিয়ালে এক গোচৰ ৰুজু কৰে। এই গোচৰৰ পিচতেই মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল'জ কৰা হয় ৷ দীব্যজ্যোতি নাথৰ পিতৃ আনন্দ নাথৰ লিখিত অভিযোগৰ ভিত্তিত 39/2023 ত এক গোচৰ ৰুজু কৰা হয় ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 147,148,149, 341, 342, 324, 325, 387, 506 নং ধাৰাত ৰুজু কৰা হৈছে গোচৰ । বালিচাপৰি আৰক্ষী চকীত নতুন উপ পৰিদৰ্শক হিচাপে অৱনী গগৈকক দায়িত্ব প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, কলংকৰ দাগ লাগিছে অসম আৰক্ষীৰ গাত ৷ জনহিত জনসেৱাৰ্থে নিয়োজিত হৈ থকা অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰ‍ায়ে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাৰ খবৰে দখল কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনাম । একাংশ আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানৰ আচৰণ-ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ খাকী পোছাকত দাগ লগা পৰিলক্ষিত হৈছে । ধন দাবী, নকল সোণকে ধৰি বৰ্তমান বিভিন্ন অভিযোগত নাম সাঙোৰ খোৱা পৰিলক্ষিত হৈছে অসম আৰক্ষীৰ ৷

লগতে পঢ়ক : BJP IT Cell : সামাজিক মাধ্যমত নিম্ন প্ৰদৰ্শন ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাৰ

Last Updated : Jun 14, 2023, 10:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.