ETV Bharat / state

Majuli congress protest : মোদী আদানী ভাই ভাই শ্ল’গানেৰে উত্তাল মাজুলীৰ ৰাজপথ - Congress slams BJP govt

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ মাজুলীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা চত্তীশগড়ৰ বিধায়ক বিকাশ উপ্যাধায়ে ৷ মোদী আদানী ভাই ভাই, বিজেপি হাই হাই ধ্বনিৰে কঁপি উঠিল মাজুলীৰ ৰাজপথ (Rahul Gandhi dismissed as MP) ৷

Majuli congress protest for Rahul Gandhi
মাজুলীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ
author img

By

Published : Apr 10, 2023, 4:59 PM IST

মাজুলী, 10 এপ্ৰিল : গুজৰাটৰ চুৰাট আদালতে মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ড ঘোষণা কৰাৰ পিছতে লোকসভাৰ সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদো খাৰিজ কৰে ৷ ইয়াৰ পিচতে সমগ্র দেশৰ লগতে অসম কংগ্ৰেছেও ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । মূলতঃ ৰাহুল গান্ধীৰ প্ৰসংগতেই আজি সমগ্র ৰাজ্যজুৰি কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰে (Protest against Rahul Gandhi dismissed as MP)।

সমান্তৰালভাৱে মাজুলীতো জিলা সদৰ গড়মূৰত প্ৰতিবাদ সাব্যস্ত কৰে মাজুলী জিলা কংগ্ৰেছে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতীয় নিখিল কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিকাশ উপ্যাধায়ে ৷ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গণতন্ত্ৰ গভীৰ সংকটত পৰাৰ লগতে পদদলিত হৈছে দেশৰ সংবিধান । চৌদিশে অৰাজক পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে দেশৰ সংবিধানৰ প্ৰতি স্বয়ং চৰকাৰখনৰ অশ্ৰদ্ধা, আইন আদালতক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰৰ ধৃষ্টতা আৰু ই ডি-চি বি আই, আই টি আদি স্বতন্ত্ৰ সংস্থাসমূহক বিজেপি চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কামত ব্যৱহাৰ কৰাৰ ঘটনাই দেশত গণতন্ত্ৰক ধূলিস্যাৎ কৰা পৰিলক্ষিত হৈছে । নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ দেশ কাল অমানিশাৰ ফালে গতি কৰিছে বুলি কয় সাধাৰণ সম্পাদকগৰাকীয়ে (Protest in Majuli for Rahul Gandhi dismissed as MP) ।

ৰাজপথৰ লগতে সদনতো যুদ্ধ অব্যাহত ৰাখি এই অন্ধকাৰ যুগৰ অৱসান ঘটাবই লাগিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানীৰ কোম্পানীলৈ ২০ হাজাৰ কোটি টকা ক'ৰ পৰা আহিল । কোনে বিনিয়োগ কৰিলে উক্ত বিশাল পৰিমাণৰ ধনৰাশি সেয়া তথা মোডীৰ সৈতে পুজিপতি ব্যৱসায়ী আদানীৰ সম্পৰ্ক কি জানিবলৈ বিচাৰিছিল ৷ তাতেই ভয়ত কম্পমান হৈ পৰিল প্ৰধানমন্ত্ৰীৰ লগতে বিজেপি দলে (Majuli congress protest for Rahul Gandhi dismissed as MP) ৷

থৰকাচুতি হেৰুৱায় বিজেপি চৰকাৰে দেশৰ সাধাৰণ জনতাৰ হৈ মাত মাতি অহা ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰম্ভ কৰিলে নিৰ্লজ্জ ৰাজনীতি, নিকৃষ্ট ষড়যন্ত্ৰ । যুদ্ধগতিত নজিৰবিহীনভাৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হ’ল বুলিও ভাৰতীয় নিখিল কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিকাশ উপ্যাধায়ে উল্লেখ কৰে । বিজেপি দলটো ভ্ৰষ্টাচাৰ, বিজেপি দলটোক দুৰ্নীতিগ্ৰস্ত বুলি আখ্যা দিয়াৰ লগতে এই দল ৰাজনীতিকৰ মহাস্থান বুলি উল্লেখ কৰি এই দলৰ বিৰুদ্ধে সকলোকে একগোট হবলৈ উপ্যাধায়ে আহ্বান জনায় (INC MLA Vikas Upadhyay)।

লগতে পঢ়ক : Dead after consuming poisonous mushrooms : বিষাক্ত কাঠফুলাৰ বাবে ঘাট মাউৰা হোৱা আঠমহীয়া শিশুক লৈ চিন্তিত স্থানীয় ৰাইজ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.