ETV Bharat / state

Saraswati Puja 2023: মাজুলীত ব্যতিক্ৰমী পূজা মণ্ডপৰে সমাজলৈ বাৰ্তা বিলোৱাৰ প্ৰয়াস - মাজুলীত ব্যতিক্ৰমী পূজা মণ্ডপ

বাগদেৱীক আৰাধনা কৰিবলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান । সৰস্বতী পূজাৰ বাবে চলিছে ব্য়াপক প্ৰস্তুতি । মাজুলীত প্লাষ্টিকমুক্ত পৰিৱেশৰ বাৰ্তা প্ৰেৰণ কৰি নিৰ্মাণ কৰিছে মাজুলী-যোৰহাট আৰু মাজুলী-লখিমপুৰ দলঙৰ আৰ্হিৰ সৰস্বতী পূজাৰ মণ্ডপ(Preparations to celebrate Saraswati Puja in Majuli) ।

Preparations to celebrate Saraswati Puja in Majuli
মাজুলীত সৰস্বতী পূজা মণ্ডপ নিৰ্মাণেৰে প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়াৰ আহ্বান
author img

By

Published : Jan 25, 2023, 6:17 PM IST

মাজুলীত সৰস্বতী পূজা মণ্ডপ নিৰ্মাণেৰে প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়াৰ আহ্বান

মাজুলী,২৫ জানুৱাৰী: কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা(Saraswati Puja 2023) । সৰস্বতী পূজাক লৈ উখল মাখল পৰিবেশে বিৰাজ কৰিছে বিদ্যালয়, মহাবিদ্যালয় তথা বিভিন্ন শিক্ষানুষ্ঠানসমূহত । সৰস্বতী পূজাক লৈ ছাত্র-ছাত্ৰীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ(Saraswati Puja Preparation in Assam) । কোনে কি সাজ পিন্ধিব, কেনেকৈ আটকধুনীয়া কৰিব পূজা মণ্ডপ তাকে লৈ ব্যস্ত হৈ পৰিছে শিক্ষাৰ্থীসকল । ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ মাজত দেখা গৈছে ভীষণ ব্যস্ততা । সৰস্বতী পূজা ভাগ আয়োজন কৰিবলৈ সাজু হৈ উঠিছে শিক্ষানুষ্ঠানসমূহ ।

ব্যতিক্ৰম নহয় মাজুলী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মাজুলীতো দেখা গৈছে সৰস্বতী পূজাক লৈ ব্যাপক প্ৰস্তুতি(Preparations to celebrate Saraswati Puja in Majuli) । প্ৰতিখন শিক্ষানুষ্ঠানতে দেখা গৈছে ভীষণ ব্যস্ততা । সকলো ব্যস্ত হৈ পৰিছে পূজা মণ্ডপ নিৰ্মাণ কৰাত । ইয়াৰ মাজতে এটি বিশেষ পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । মাজুলীৰ বনগাঁওস্থিত উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনে আনবছৰৰ দৰে এইবাৰো ব্যতিক্ৰমী ধৰণে নিৰ্মাণ কৰিছে সৰস্বতী পূজাৰ মণ্ডপ ।

বৰ্তমান সময়ত মাজুলী-যোৰহাট আৰু মাজুলী-লখিমপুৰ দলঙৰ নিৰ্মাণ চলি আছে । যিটো মাজুলীৰ প্ৰতিজন লোকৰ বাবে এটা আশাৰ খবৰ । এই দুয়োটা ভাল খবৰ আৰ্হি লৈ অৰ্থাৎ মাজুলী যোৰহাট আৰু মাজুলী লখিমপুৰ দলঙৰ আৰ্হিৰে বনগাঁওস্থিত উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনে নিৰ্মাণ কৰিছে পূজাৰ মণ্ডপ । বিদ্যালয়খনে এই দলং দুখনৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপত ব্যৱহাৰ কৰিছে প্লাষ্টিকৰ বটল আৰু বাঁহ ।

বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে প্লাষ্টিকে সৃষ্টি কৰিছে ব্যাপক প্ৰদূষণৰ । পৰিৱেশ বিনিষ্টকাৰী প্লাষ্টিকৰ বটলসমূহ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে ঘৰৰ লগতে ঘৰৰ ওচৰৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰি এই মণ্ডপ নিৰ্মান কৰিছে । সৰস্বতী পূজাৰ পাছত একে ঠাইত এই বটলসমূহ গোটাই যাতে জ্বলাই দিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । প্লাষ্টিকৰ বটল ব্যৱহাৰৰ জৰিয়তে বিদ্যালয়খনে সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছে সেইটো হল প্লাষ্টিক মুক্ত এখন পৃথিৱী ।

উল্লেখ্য যে বিদ্যালয়খনে এই বছৰেই নহয় বিগত কেইবাটাও বছৰ ধৰি প্লাষ্টিকৰ বটল ব্য়ৱহাৰ কৰি মণ্ডপ নিৰ্মাণৰ প্ৰয়াস কৰি আহিছে বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে । লগতে এইবাৰ দলঙৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কাৰ্যৰ সৈতে জৰিত হৈ ছাত্ৰ-ছাত্ৰীসকলে যাতে ভৱিষ্যতে অভিযন্ত্ৰা বা উচ্চ পদস্থ বিষয়াৰ সপোন দেখিব পাৰে তাৰ বাবে এই প্ৰচেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে প্ৰধান শিক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: Memories of freedom struggle: স্বাধীনতা সংগ্ৰামৰ স্মৃতি সোঁৱৰিলে ৯৮ বছৰীয়া দুৰ্গেশ্বৰ কলিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.