মাজুলী, 4 অক্টোবৰ : বহিঃৰাজ্যত অসমৰ যুৱকৰ আকস্মিক মৃত্যুৰ ঘটনা নতুন নহয় ৷ পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে মাজুলীৰ এজন যুৱকৰ ৷ দেশজুৰী মা দুৰ্গাক আৰাধনা কৰি থকাৰ আনন্দ উলাহৰ মাজতে মাজুলী ভকত চাপৰিৰ 1 নং চামগুৰি গাঁৱৰ এজন যুৱকৰ হায়দৰাবাদত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই সম্প্ৰতি ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (One Youth from majuli died in Hyderabad) ৷
জানিব পৰা মতে, মৃত যুৱকজনৰ নাম ভাস্কৰ দাস (25) ৷ উল্লেখ্য যে, ভকত চাপৰিৰ 1 নং চামগুৰি গাঁৱৰ নগেন দাসৰ ডাঙৰ ল’ৰা ভাস্কৰ দাসে হায়দৰাবাদত এটা ব্যক্তিগত কোম্পানীত ছিকিউৰিটি ইনচাৰ্জ হিচাবে কৰ্মৰত আছিল ৷ প্ৰায় 4 বছৰ পূৰ্বে কৰ্মসূত্ৰে ঘৰৰ পৰা উলাই গৈছিল ভাস্কৰ দাসে ৷ ইমানলৈ সকলো ঠিকেই আছিল ৷
কিন্তু হঠাৎ পৰিয়ালটোলৈ আহিল ঘূৰ অমানিশা ৷ হায়দৰাবাদত থকা ভাস্কৰ দাসৰ বন্ধুৱে উল্লেখ কৰা মতে, সোমবাৰে নিশা শুই থকা অৱস্থাতে মৃত্যু হয় ভাস্কৰৰ ৷ এই খবৰে এতিয়া জোকাৰি গৈছে পৰিয়ালটোক ৷ ইফালে ভাস্কৰৰ মৃত্যুক সহজে ল’ব পৰা নাই পৰিয়ালটোৱে ৷
লগতে পঢ়ক : Youth Missing from Bilasipara: বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ যুৱক
ভাস্কৰৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে অভিহিত কৰিছে পৰিয়াল তথা আত্মীয়ই ৷ কোনো দিনে ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আসক্ত নোহোৱা যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ ৷ ইফালে পুত্ৰৰ অকাল মৃত্যু খবৰ শুনি সংজ্ঞাহীন হৈ পৰিছে ভাস্কৰৰ পিতৃ নগেন দাস ।
বৰ্তমান কমলাবাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ভাস্কৰৰ পিতৃ নগেন দাস । আনহাতে, শোকত বিহ্বল হৈ ভাস্কৰৰ মাতৃৰো ক্ৰমাৎ স্বাস্থ্য অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে ৷ দৰিদ্ৰতাই কোঙা কৰা মাজুলীৰ এই পৰিয়ালটোৱে এতিয়া ভাস্কৰ দাসৰ নিথৰ দেহ ঘূৰাই আনিবলৈ অপৰাগ ৷
সেয়ে উপায়ন্তৰ হৈ ভাস্কৰৰ মৃতদেহ অসমলৈ অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে ভাস্কৰৰ পৰিয়াল তথা আত্মীয় লোকে ৷
লগতে পঢ়ক : বেংগালুৰুত মৃত্যু লখিমপুৰৰ যুৱকৰ