ETV Bharat / state

আৰক্ষীক দাৰে ঘপিয়াই পলাই গ’ল বাবুল

author img

By

Published : Jul 3, 2021, 9:32 PM IST

মাজুলীৰ দেওদিয়াআটী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ অভিযুক্তক আটক কৰিবলৈ যোৱা আৰক্ষীৰ দলক দাৰে ঘপিয়াই আক্ৰমণ কৰি পলায়ন কৰিলে অভিযুক্তই ৷

on duty cops are attacked by accused in majuli assam
আৰক্ষীক দাৰে ঘপিয়াই পলাই গ’ল বাবুল

মাজুলী, 3 জুলাই : মাজুলীৰ দেওদিয়াআটী গাৱঁত শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । গড়মূৰ আৰক্ষী থানাৰ (Garhmur police station) উপ পৰিদৰ্শক (SI) উৎপল দাস আৰু সহকাৰী উপ-পৰিদৰ্শক (ASI) বিজু হাজৰিকাৰ নেতৃত্বত যোৱা এটা দলে অভিযুক্ত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাক মাটি-বাৰী সম্পৰ্কীয় এটা গোচৰৰ ভিত্তিত আটক কৰিবলৈ গৈছিল । কিন্তু, দুৱাৰমুখতে কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাই আৰক্ষী দলটোক দাৰে অতৰ্কিতে আক্ৰমণ কৰে ।

জানিব পৰা মতে, ৪২/২০২০ নম্বৰত গড়মূৰ আৰক্ষী থানাত বাবুল হাজৰিকাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । এই গোচৰৰ ভিত্তিত শুকুৰবাৰে গড়মূৰ থানাৰ আৰক্ষীৰ এটা দল অভিযুক্ত হাজৰিকাক কৰায়ত্ব কৰিবলৈ গৈছিল । আৰক্ষী বাবুল হাজৰিকাৰ ঘৰত উপস্থিত হওঁতেই অভিযুক্তই সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড । অভিযুক্ত বাবুল হাজৰিকাৰ এই আক্ৰমণত চাৰিজনকৈ আৰক্ষী বাহিনীৰ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

আৰক্ষীক দাৰে ঘপিয়াই পলাই গ’ল বাবুল

ইয়াৰ পিছতেই আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় অভিযুক্ত লোক জন । ইফালে, আহত আৰক্ষী কেইজনক ততাতৈয়াকৈ গড়মূৰ পীতাম্বৰদেব অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হ'য় যদিও ইয়াৰে দুজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ।

আনহাতে, জিলাখনৰ উপ আৰক্ষী অধীক্ষক (additional sp) শান্তনু দত্তৰ নেতৃত্বত যোৱা এটা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী (CRPF)ৰ দলে কেশৱ হাজৰিকাক বিচাৰি অভিযান চলাই পুবা ৯ মান বজাত ধৰিবলৈ সক্ষম হয় । ঘটনাত আহত আৰক্ষী বিষয়া তথা জোৱান কেইগৰাকী ক্ৰমে উপ-পৰিদৰ্শক উৎপল দাস হকাৰী উপ-পৰিদৰ্শক বিজু হাজৰিকা, আৰক্ষী জোৱান মৃদুল দাস, গৃহৰক্ষী বাহিনীৰ জোৱান(Home Guard ) ৰূপক মিলি আৰু ৰাজেন মেধিৰ লগতে বেটেলিয়ানৰ জোৱান পাপু শইকীয়া বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : গৃহ সমষ্টি পৰিদৰ্শন অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.