ETV Bharat / state

Majuli MLA mustard cultivation : ভূৱন গামৰ নেতৃত্বত মাজুলীত কৃষি বিপ্লৱ - Majuli MLA mustard cultivation

মাজুলী মচুৱা চাপৰিৰ ৫০০ বিঘা মাটিত সৰিয়হৰ খেতিৰে ১৫০ পৰিয়ালৰ আত্ম-সংস্থাপনৰ বাট মুকলি কৰিছে বিধায়ক ভূৱন গামে (Mustard cultivation in Majuli)। অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাজুলীত আৰম্ভ হৈছে কৃষি বিপ্লৱ । ইয়াৰ দ্বাৰা অসমৰ যুৱকসকল কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব বুলি আশাবাদী বিধায়কগৰাকী ।

Majuli MLA mustard cultivation
ভূৱন গামৰ নেতৃত্বত মাজুলীত কৃষি বিপ্লৱ
author img

By

Published : Dec 31, 2022, 1:50 PM IST

ভূৱন গামৰ নেতৃত্বত মাজুলীত কৃষি বিপ্লৱ

মাজুলী,৩১ ডিচেম্বৰ : এতিয়া ৰবি শস্যৰ বতৰ । ৰবি শস্যৰ খেতিত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ কৃষকসকল । ইয়াৰ মাজতে নৈয়ে সৃষ্টি কৰা চাপৰিত মাজুলীৰ বিধায়ক ভূৱন গামৰ নেতৃত্বত সেউজ বিপ্লৱ আৰম্ভ হৈছে (Agricultural Revolution in Majuli)। মাজুলীৰ বিধায়কে জনোৱা মতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী বিধায়কক কৃষিৰ লগত জড়িত হৈ নিজ নিজ অঞ্চলত কৃষি বিপ্লৱ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই নিৰ্দেশ মতেই মাজুলীৰ বিধায়ক ভূৱন গামে নামনি মাজুলী মচুৱা চাপৰিৰ ৫০০ বিঘা মাটিত সৰিয়হৰ খেতিৰে ১৫০ পৰিয়ালৰ আত্ম-সংস্থাপনৰ বাট মুকলি কৰিছে (Majuli MLA initiative)। বিধায়ক ভূৱন গামৰ নেতৃত্বত মচুৱা চাপৰিত কৃষি বিপ্লবৰ সূচনা হোৱাৰ লগে লগে সমগ্ৰ জিলাখনতে ই বিশেষ চৰ্চা লাভ কৰিছে । ৫০০ বিঘা মাটিত কৰা সৰিয়হৰ হালধীয়া ফুলবোৰে যেন এতিয়া ১৫০ টা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাই তুলিছে (Mustard cultivation in Majuli)।

বিধায়কগৰাকীয়ে জানিবলৈ দিয়া মতে নিজৰ নিজৰ পৰিয়ালৰ কথা চিন্তা কৰি বা নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কৰ্মসংস্থাপনৰ বাবে বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ গমন কৰিছে । যদিহে অসমৰ কৃষকে মাহে ৩০-৩৫ হাজাৰ টকা উপাৰ্জন কৰিব পৰাৰ সম্ভৱনা আছে । যেতিয়া অসমতে কৃষিৰ জৰিয়তে টকা উপাৰ্জন হোৱাৰ বাট দেখিব তেতিয়া বাহিৰলৈ যোৱা নিবনুৱা যুৱকসকল পুনৰ অসমলৈ ঘূৰি আহিব বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ।

মাজুলীৰ বিধায়কগৰাকীয়ে উল্লেখ কৰা মতে জিলাখনৰ চৰ-চাপৰি অঞ্চলত বহু পৰিমাণে মাটি এনেই পৰি আছে । ছন পৰি থকা মাটিত যদি নিবনুৱা লোকসকলে খেতি কৰিবলৈ আগবাঢ়ি আহে তেতিয়া চাকৰিৰ পাছত দৌৰিবলৈ এৰিব আৰু নিবনুৱাসকল যথেষ্ট উপকৃত হ'ব । সেয়েহে মাজুলীৰ লগতে অসমৰ নিবনুৱাসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হ'বলৈ বিধায়কগৰাকীয়ে আহ্বান জনাইছে । লগতে চাকৰিৰ আশা কৰি এনেই থকাতকৈ কৃষিৰ জৰিয়তে সংস্থাপনৰ বাট মোকোলাই ল'বলৈও তেওঁ আহ্বান জনায় ।

ইফালে বিধায়কগৰাকীৰ পদক্ষেপক লৈ আনন্দিত জিলা বিজেপি । মাজুলী জিলা বিজেপিৰ সভাপতিয়ে কয় যে নিবনুৱা লোকসকলে অসমৰ বাহিৰলৈ কৰ্মসংস্থাপন বিচাৰি যোৱাৰ পৰিৱৰ্তে কৃষিৰ জৰিয়তে মাজুলীতে নিজকে নিয়োগ কৰি ল'ব পাৰে । ইয়াৰ জৰিয়তে মাজুলীত অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।উল্লেখ্য যে শনিবাৰে বিধায়কগৰাকীয়ে সৰিয়হ খেতি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ কৃষকসকলৰ সৈতেও মত বিনিময় কৰে ।

লগতে পঢ়ক :Constituency delimitation : জনজাতিৰ বাবে সংৰক্ষিত আসন বিলোপ কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ এবছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.