মাজুলী, 2 জুলাই : মাজুলী জিলাৰ কমলাবাৰী খোৰাহোলা গাঁৱত বাস কৰিছিল বাপিৰাম দাস আৰু তেওঁৰ পত্নী ৰুনু দাস নামৰ এটা অতি দৰিদ্ৰ পৰিয়ালে । নিয়তিৰ নিষ্ঠুৰ পৰিহাস যে দুবছৰৰ আগতে কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰুনু দাস আৰু বাপিৰাম দাসৰ কিছুদিন পূৰ্বে মৃত্যু হয় । উল্লেখ্য যে, ৰুনু দাস আৰু বাপিৰাম দাসে ৫ মাহৰ পৰাই তুলি তালি ডাঙৰ দীঘল কৰিছিল উৎপল দাস নামৰ এটি শিশুক ৷
ইফালে ৰুনু দাস আৰু বাপিৰাম দাসকেই নিজৰ পিতৃ মাতৃ জ্ঞান কৰিছিল উৎপল দাসে । ইফালে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় দুয়োগৰাকী পিতৃ মাতৃৰ ৷ ফলত নিঠৰুৱা হৈ পৰে উৎপল দাস । পিতৃ মাতৃ বুলি যাৰ সাহসত জীৱনৰ পাতনি মেলিছিল দুয়োৰে মৃত্যুৰ পাছত এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে উৎপলে ।
অকল সেয়াই নহয়, ঘৰ বুলিবলৈ এখন চালিৰ তলতে জীৱন নিৰ্বাহ কৰিছিল পৰিয়ালটোৱে ৷ কিন্তু সেয়াও ধুমুহাই উৰুৱাই নিয়াৰ ফলত চাৰিটা বাঁহৰ খুটা দি এখন সাধাৰণ চালিৰ তলতে এক দুৰ্বিসহ জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে উৎপলে । পিতৃৰ দহা-কাজ কৰিবলৈও হাতত নাই ধন ।
ইফালে ৰাইজে দান বৰঙনি তুলিয়েই অনুষ্টুপীয়াকৈ কৰাৰ সিদ্ধান্ত কৰিছে । এই নিঠৰুৱা পৰিয়ালটো দীৰ্ঘদিনে চৰকাৰৰ ফালৰ পৰাও নাপালে কোনো এখন আঁচনিৰ পৰা সাহাৰ্য ৷
এতিয়া মাত্ৰ চাৰিটা বাঁহৰ খুঁটাৰ এখন চালিৰ তলত এক দুৰ্বিসহ জীৱন সংগ্ৰাম উৎপলৰ । পিতৃৰ দহা -কাজ কৰিবলৈও নাই ধন। ৰাইজে দান বৰঙনি তুলি অনুষ্টুপীয়াকৈ কৰাৰ সিদ্ধান্ত কৰিছে । নিঠৰুৱা পৰিয়ালটো দীৰ্ঘদিনে চৰকাৰৰ বঞ্চনাৰ বলি হৈছিল । অভিলাষী আঁচনিয়ে ঢ়ুকি নাপালে পৰিয়ালটোক ।
সৰুৰে পৰা বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহাৰ পাছতো পঢ়া-শুনাত যথেষ্ট ভাল আছিল উৎপল ৷ মেধাৱী ছাত্ৰ গৰাকীৰ ভৱিষ্যত জীৱনক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে । সেয়েহে সকলো মানৱ দৰদী দল, সংগঠন তথা ৰাইজে চৰকাৰক উপযুক্ত সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷
লগতে পঢ়ক-DIPRৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰৱ মন্ত্রী পীযুষ হাজৰিকা