মাজুলী,২৭ ছেপ্টেম্বৰ : জনজাতিকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ (Minister Sanjay Kishan comments on tribalisation)। তেওঁৰ মতে চাহ জনজাতিৰ সকলো লোকে নাপাব জনজাতিৰ মৰ্যাদা । আনহাতে আহোম জনগোষ্ঠী আৰু কোচ ৰাজবংশী লোকসকলক লৈও সমস্যাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী সঞ্জয় কিষাণে । মাজুলীত বিজেপিৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য মন্ত্ৰীগৰাকীৰ ।
উল্লেখ্য যে মঙলবাৰে গড়মূৰ বংশী গোপাল নাট্য মন্দিৰত দলীয় সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে (BJP party meeting in Majuli)। মন্ত্ৰীগৰাকীৰ সৈতে মাজুলীৰ স্থানীয় বিধায়ক ভুৱন গামো দলীয় সভাত অংশগ্ৰহণ কৰে ।
অনুষ্ঠানত অংশ লৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মৰাণ আৰু মটকক জনগোষ্ঠীৰ স্বীকৃতি প্ৰদানত কোনো অসুবিধা নাই । ইফালে তেওঁ উল্লেখ কৰা মতে চাহ জনজাতিৰো একাংশ লোকেহে পাব জনজাতিৰ স্বীকৃতি । গেৰুকা মুখৰ বৃহৎ নদী বান্ধ (Gerukamukh river dam) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সঞ্জয় কিষাণে ।
অসমৰ উন্নয়নৰ স্বাৰ্থত উদ্যোগো লাগিব বিদ্যুতো লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যদিহে এই বিষয়টোত কিবা চাবলগীয়া আছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে চাব । তেওঁ লগতে কয় যে যিকোনো কাৰণতে অসমখন ৰক্ষা কৰিব লাগিব ।