ETV Bharat / state

মাজুলীত "মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি"ৰ সাহাৰ্য বিতৰণ - অভিভাৱক মন্ত্ৰী

মহামাৰী ক'ভিডত (COVID-19) স্বামীহাৰা হোৱা মহিলা সকলৰ মৰ্মবেদনা উপলব্ধি কৰি তেখেতসকলৰ সামাজিক আৰু আর্থিক নিৰাপত্তা প্রদানৰ স্বাৰ্থত মুকলি কৰা "মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি" খনৰ যোগেদি সেই সকল স্বামীহীনা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিছে ।

minister-bimol-borah-handed-over-cheques-to-4-beneficiary-in-majuli
মাজুলীত "মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি"ৰ সাহাৰ্য বিতৰণ
author img

By

Published : Jul 18, 2021, 6:47 AM IST

মাজুলী, 18 জুলাই: শনিবাৰে মাজুলীত উপস্থিত হয় মাজুলীৰ (MAJULI) অভিভাৱক মন্ত্ৰী বিমল বৰা (BIMOL BORAH )। মাজুলীত উপস্থিত হৈয়ে মন্ত্ৰী গৰাকীয়ে কেইবাটাও আঁচনিত অংশগ্ৰহণ কৰে ৷ মাজুলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয়, "ক'ভিড মহামাৰীত (COVID-19) আপোনজনক হেৰুৱাটো অতি বেদনাদায়ক আমাৰ সকলোৰে বাবে ৷ সেই বাবেই অসম চৰকাৰে আনিছে এক বিশেষ আঁচনি ৷ এই কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ক'ভিড-১৯ (covid-19) বিধৱা সাহাৰ্য আঁচনি আনিছে ।"

উল্লেখযোগ্য যে, মহামাৰী ক'ভিডত স্বামীহাৰা হোৱা মহিলা সকলৰ মৰ্মবেদনা উপলব্ধি কৰি তেখেতসকলৰ সামাজিক আৰু আর্থিক নিৰাপত্তা প্রদানৰ স্বাৰ্থত মুকলি কৰা "মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি" খনৰ যোগেদি সেই সকল মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । সেই অনুসৰি শনিবাৰে মাজুলী জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজিৰ অধীনত জিলাখনৰ 4 গৰাকী বিধৱা মহিলালৈ এককালীন সাহাৰ্য আগবঢ়ায় ৷

মাজুলীত "মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি"ৰ সাহাৰ্য বিতৰণ

মন্ত্ৰী বিমল বৰাৰ পৰা অনুদান গ্ৰহণ কৰি আৱেগিক হৈ পৰে হিতাধিকাৰী মহিলা সকল । উল্লেখযোগ্য যে, বিৰ্তকৰ চৰ্চাত থকা যোৰহাট-মাজুলী দলঙখন হ‘বই বুলি মাজুলীবাসীক অভয়বানীও প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।

একেদৰে মাজুলীত হ‘ব লগীয়া উপ-নিৰ্বাচনৰ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে, ক‘ভিড পৰিস্থিতি উন্নত হলেই নিৰ্বাচন অনুস্থিত হ‘ব । মাজুলী বিধায়ক শূণ্য হ’লেও এতিয়াও মই অভিভাৱক মন্ত্ৰী হৈ আছো বুলি উল্লেখ কৰে বিমল বৰাই ৷ এনেদৰেই শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে মুখ্যমন্ত্ৰী ক'ভিড-১৯ (covid-19) বিধৱা সাহাৰ্য আঁচনিৰ জৰিয়তে হিতাধিকাৰী সকলৰ মাজত ধন বিতৰণ কৰে ৷ বৰপেটাত ৰণজিৎ কুমাৰ দাস, গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ জৰিয়তে একোগৰাকী হিতাধিকাৰীলৈ 2.50 লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা দেখা যায় ৷

লগতে পঢ়কঃ বাজেটে মোৰ নাক বচালে: ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.