মাজুলী,31 জানুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো দেওবাৰে উলহ-মালহেৰে উদযাপন কৰা হয় টাই আহোম সকলৰ ধৰ্মীয় উৎসৱ মে ডাম-মে ফী ৷ মাজুলী জিলা টাই আহোম সন্মিলিত সমাজৰ উদ্যোগত আৰু টাই আহোম ইন্টাৰনেচনেল চচাইটিৰ সহযোগত মাজুলীৰ লাহন গাওঁ খেল পথাৰত উদযাপন কৰা হয় পঞ্চম সংখ্যক মে-ডাম মে-ফি । দিনজোৰা কাৰ্যসূচীৰে পালন কৰা মে-ডাম মে-ফী অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

দুপৰীয়া মুকলি সভা উদ্ধোধন কৰে ৰাওনাপাৰ নিম্ন বুনিয়াদি প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ তপন শইকীয়াই ৷ সভাখনিৰ সভাপতিত্ব কৰে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ মুনিন্দ্ৰ কোঁৱৰে । লগতে সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে চিলাপথাৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মূখ্য অধ্যাপিকা ড৹ মলয়া গগৈয়ে । উল্লেখ্য যে,সভাত অসমৰ আৰু বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়কঃ মৰিগাঁৱত ছাত্ৰীৰ আত্মহত্যা