ETV Bharat / state

ধুমুহাৰ কৱলত সত্ৰভূমি মাজুলী: সা-সম্পত্তি আৰু পশুধনৰ ক্ষতি - মাজুলীত ধুমুহাৰ তাণ্ডৱ

বৃহস্পতিবাৰে মাজুলীত অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি কৰে । শতাধিক লোকৰ ঘৰ, গোহালি আদি ভাগি চূৰ্ণ বিচূৰ্ণ হয় । ধুমুহাৰ ফলত পশুধনৰো বিস্তৰ ক্ষতিসাধন হয় ।

Majuli storm
ধুমুহাৰ কৱলত সত্ৰভূমি মাজুলী
author img

By

Published : Jul 23, 2021, 5:24 PM IST

মাজুলী, ২৩ জুলাই : দেশত ক'ভিড (Covid) মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কিন্তু তাৰ মাজতে দেশৰ বিভিন্ন ৰাজ্যত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে । মহাৰাষ্ট্ৰত শেহতীয়াকৈ প্ৰৱল বৃষ্টিপাতৰ ফলত বানপানীৰ সৃষ্টি হৈছে ।

মহাৰাষ্ট্ৰত প্লাৱিত হৈছে বহু জিলা । লগতে ভূমিস্খলনৰ ফলত মৃত্যু হৈছে প্ৰায় ৩৫ গৰাকী লোকৰ । তেনে সময়তে অসমৰো বিভিন্ন প্ৰান্ত ধুমুহা আৰু প্ৰৱল বৃষ্টিপাতৰ খবৰ আহিছে ।

বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত অহা ধুমুহাই (Storm) তাণ্ডৱ চলায় উজনিৰ বিভিন্ন জিলাৰ লগতে নদীদ্বীপ মাজুলীৰ বহু অঞ্চলত । নিশা হঠাৎ অহা ধুুমুহাই মাজুলীৰ বহু গাঁৱৰ শতাধিক ঘৰৰ বিস্তৰ ক্ষতিসাধন কৰে । বহু স্থানত বৃহৎ আকাৰৰ গছ পৰি পথসমূহ বন্ধ হৈ পৰাৰ লগতে বিদ্যুৎ যোগান সম্পূর্ণৰূপে ব্যাহত হৈ পৰে ।

ধুমুহাত গছ উভালি পৰাৰ ফলত বিভিন্ন ঠাইত বিদ্যুতৰ খুটাও ভাঙি যায় । শতাধিক ঘৰ ভাঙি যোৱাৰ উপৰিও বহু গাঁৱত গৰু, ছাগলী আদি পোহনীয়া জীৱ জন্তু আঘাতপাপ্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে । অৱশ্যে কোনো লোকৰ হতাহতৰ খবৰ এতিয়ালৈ অহা নাই । মাজুলী প্ৰশাসনে সম্প্ৰতি ব্যাপকভাৱে জিলাখনত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:ঠিকাদাৰৰ হেমাহিৰ বাবে জলা-কলা ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.