মাজুলী,18 ডিচেম্বৰ : মাজুলীৰ মানিক হাউলীত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড ৷ কোনোমতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া সঞ্জীৱ দলে নামৰ লোক জনৰ ভঁৰাল ঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷
নিশা 8.30 বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ বৰ্তমানো কাৰণ জানিব পৰা নাই ৷ অগ্নিকাণ্ডৰ ফলত দুখীয়া পৰিয়ালটোৰ ভঁৰাল ঘৰ আৰু আৱাস গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : বিটিআৰ পৰিষদৰ কাৰ্যবাহী সদস্য পদত পুনৰ চাৰিগৰাকীক মনোনিত