ETV Bharat / state

মাজুলীত উদযাপন সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস - মাজুলীত উদযাপন

মাজুলীত সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস ৷ 7 আৰু 8 জানুৱাৰী বৃহস্পতি আৰু শুকুৰবাৰে দুদিনীয়াকৈ মাজুলীত উদযাপন কৰিছে মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস ৷ কৃষি খণ্ডত নৱতম সংযোজন মাজুলীত এতিয়াৰ পৰা উৎপাদন হ’ব মাছৰুম ৷ ৰাজ্যৰ 8 শতাধিক মাছৰুম কৃষকে ভিৰ কৰিছে সত্ৰভূমিত ৷

মাজুলীত উদযাপন সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস

author img

By

Published : Jan 7, 2021, 5:28 PM IST

মাজুলী,7 জানুৱাৰীঃ বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে এক নতুন কৃষি আন্দোলন সূচনা হৈছে ৷ যাৰ নাম "মাছৰুম "৷ মাছৰুমৰ প্ৰসাৰ, প্ৰচাৰ আৰু মাছৰুমৰ বজাৰ দখলৰ বাবে কৃষক সকলে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ 7 আৰু 8 জানুৱাৰী বৃহস্পতি আৰু শুকুৰবাৰে মাজুলীত দুদিনীয়াকৈ উদযাপন কৰিছে মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস ৷ এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰভূমিত এই বেলি আয়োজন কৰিছে সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস ৷

মাজুলীত উদযাপন সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস
উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস ক্ৰিয়া ক্ষেত্ৰত ৰাজ্যৰ "সদৌ অসম মাছৰুম উৎপাদক সন্থা' আৰু "কিষাণ মৰ্চা" বিজেপি, অসম প্ৰদেশৰ যুটীয়া উদ্যোগত আৰু ৰাজ্যৰ কৃষি বিভাগৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে ৷ উক্ত প্ৰতিষ্ঠা দিৱসতে মাছৰুমৰ সৰ্ম্পকত বহুকেইখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয় । উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 800 শতাধিকৰো অধিক মাছৰুম উৎপাদকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷

ইপিনে এই সমূহ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মাছৰুম আৰু অন্য কৃষি কাৰ্যৰো প্ৰদৰ্শনী অনুষ্ঠিত হয় ৷ একেদৰে মাজুলীৰ কৃষি ক্ষেত্ৰ বা ৰাজ্যৰ কৃষি ক্ষেত্ৰ খনত মাছৰুমৰ উৎপাদন বা মাছৰুমৰ কৃষি বিপ্লৱ কেনেদৰে আৰম্ভ কৰিব পাৰি তাৰ ওপৰতো বিশেষ ভাবে আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ য’ত ৰাজ্যৰ বিশিষ্ট কৃষি বিজ্ঞানী সকলে অংশগ্ৰহণ কৰি মতবিনিময় কৰে ৷

লগতে পঢ়কঃ ধেমাজিত মথাউৰি নিৰ্মাণৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.